
কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ একাংশ মণ্ডলৰ বিৰুদ্ধে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই অভিযোগ উত্থাপন কৰিছে ।
কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ একাংশ মণ্ডলৰ বিৰুদ্ধে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই অভিযোগ উত্থাপন কৰিছে ।
ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰাৰ দিনৰে পৰা প্ৰশাসনিক সংস্কাৰ সাধনৰ বাবে নানা অভিলাসী পৰিকল্পনা গ্ৰহণ কৰি আহিছে যদিও ৰাজ্যৰ একাংশ মণ্ডলৰ মইমতালীয়ে অসুবিধাত পেলাইছে সৰ্বসাধাৰণ ৰাইজক ।
কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ একাংশ মণ্ডলৰ বিৰুদ্ধে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই অভিযোগ উত্থাপন কৰিছে । সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত বিধায়কগৰাকীয়ে কমলপুৰ ৰাজহ চক্ৰ কাৰ্যলয়ত মণ্ডলৰাজ চলিছে বুলি খেদ প্ৰকাশ কৰে । বিধায়ক গৰাকীয়ে কয় যে একাংশ মণ্ডলে কম্পিউটাৰ চলাব নোৱাৰাৰ অজুহাতত মণ্ডলৰ পাছওৱাৰ্ডসমূহ একাংশ দালালৰ হাতত অৰ্পন কৰিছে । এই দালাল সমূহে নিজৰ ইচ্ছা অনুসৰি মণ্ডলৰ কাম-কাজ চলাব পাৰে কমলপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত । সাধাৰণ ৰাইজে সৰু এটা কামৰ বাবে ৰাজহ চক্ৰ কাৰ্যালয়টোত কষ্ট খাব লাগে । যাৰ বাবে বিধায়কগৰাকীয়ে কমলপুৰ ৰাজহ চক্ৰ বিষয়া গৰাকীক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । এমাহৰ ভিতৰত যদি ৰাজহ চক্ৰ কাৰ্যলয়টোৰ মণ্ডলৰ অৰাজকতা দূৰ নহয় তেন্তে বিধায়ক গৰাকীয়ে নিজে ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে । প্ৰসংগ ক্ৰমে উল্লেখ্য যে ৰাজহ চক্ৰ কাৰ্যালয়টোত একাংশ মণ্ডল কৰ্মচাৰীয়ে নিষ্ঠাৰে কাম কৰি আছে যদিও আন একাংশই সাধাৰণ উত্তৰাধিকাৰী নামজাৰি , জমাবন্দী , চিঠাকপি , মাটিৰ ক্ৰয় বিক্ৰয়ৰ আপত্তিবিহীন প্ৰমাণ পত্ৰৰ বাবদ মোটা অংকৰ ধন বিচাৰি সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি আহিছে । এই সকল অসাধু মণ্ডলে অন্যৰ ভূমি অন্যৰ নামত ক্ৰয় বিক্ৰয়ৰ প্ৰমাণ পত্ৰ উলিয়াই দিয়াৰো অভিযোগ আছে । এনে অৰাজক পৰিস্থিতি সন্দৰ্ভত ভূক্তভোগী ৰাইজে বিধায়ক দিগন্ত কলিতাক অভিযোগ উত্থাপন কৰিছে । এনে অভিযোগৰ চৰজমীন তদন্ত কৰি বিধায়ক গৰাকীয়ে ৰাজহ চক্ৰ কাৰ্যালয়টোত চলি থকা এনে অৰাজক পৰিস্থিতিৰ তথ্য লাভ কৰে । সেয়ে ৰাজহ চক্ৰ বিষয়া গৰাকীক ৰাজহ চক্ৰ কাৰ্যলায়টোৰ দুৰ্নিতীগ্ৰস্ত আৰু অৰাজকতা সৃষ্টি কৰা মণ্ডলসমূহৰ বিৰুদ্ধে কঠোৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|