অংকিতা দত্তক লৈ এতিয়া গৰম হৈছে কংগ্ৰেছৰ ভিতৰচ’ৰা। আজি যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ কথা অংকিতাই। অংকিতাৰ লগতে সহস্ৰাধিক কৰ্মীয়ে পদত্যাগ কৰিব বুলি জনাইছে অংকিতা দত্তই।
অংকিতা দত্তক লৈ কমলাক্ষ দে পুৰকায়স্থই কয়, ‘‘এইপৰ্যন্ত কংগ্ৰেছৰ পৰা আনুষ্ঠানিক অব্যাহতি পত্ৰ প্ৰদান কৰা নাই অংকিতা দত্তক। পত্ৰ নোপোৱাকৈ অংকিতা দত্তই দল এৰাৰ হুংকাৰ প্ৰদান কৰিছে। এয়া অশুভ পৰম্পৰা, এগৰাকী প্ৰাক্তন দলৰ সভাপতিৰ কন্যা তেওঁ। এনে মানসিকতাৰে দলৰ সদস্য–কৰ্মী চলা উচিত নহয়।’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 16, 2022, 12:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।