• Home
  • »
  • News
  • »
  • assam
  • »
  • ''ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰি দেখুৱাওক মুখ্যমন্ত্ৰীয়ে''- ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান বিধায়ক কমলাক্ষৰ

''ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰি দেখুৱাওক মুখ্যমন্ত্ৰীয়ে''- ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান বিধায়ক কমলাক্ষৰ

ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে চলা অভিযানক লৈ তুমুল প্ৰতিক্ৰিয়া দেখা গৈছে।

ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে চলা অভিযানক লৈ তুমুল প্ৰতিক্ৰিয়া দেখা গৈছে।

ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে চলা অভিযানক লৈ তুমুল প্ৰতিক্ৰিয়া দেখা গৈছে।

  • Share this:

''ৰাজ্যৰ আটাইটকৈ ডাঙৰ মাটিৰ দালাল হ'ল ন-বিজেপি তথা ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ফণী তালুকদাৰ। সৰু সুৰা দালালক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰি দেখুৱাওক মুখ্যমন্ত্ৰীয়ে।'' ৰাজ্যত  মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এই প্ৰত্যাহ্বান জনাইছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই।


আজি হাইলাক‍ান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত এক সংবাদ মেল পাতি মুখ্যমন্ত্ৰীক ড০ শৰ্মাক ফণী তালুকদাৰৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় কমলাক্ষই।


ইপিনে, হাইলাকান্দি আৰক্ষীয়ে দুই মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি এৰি দিয়াৰ পিছতে আকৌ গ্ৰেপ্তাৰ কৰাত  প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক কমলাক্ষই কয়, ''বৰ্তমান ৰাজ্য চৰকাৰৰ নিজৰ স্থিতিয়ে স্বচ্ছ নহয়। ৰাজ্যৰ মন্ত্ৰীসকলে পুৱা দিয়া ঘোষণা বিয়লি মুখ্যমন্ত্ৰীয়ে নাকচ কৰি দিয়ে। ঠিক একেপ্ৰকাৰে তেওঁৰ আওতাত থকা আৰক্ষীয়েও পুৱা এটা আৰু ৰাতি আনটো সিদ্ধান্ত গ্ৰহণ কৰে।''


উল্লেখ্য, ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে চলা অভিযানক লৈ তুমুল প্ৰতিক্ৰিয়া দেখা গৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এয়া ৰাজনৈতিক চমকৰ বাহিৰে আন একো নহয় বুলি উল্লেখ কৰিছে।

Published by:Gautam Barman
First published: