মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘হিমন্ত বিশ্ব শৰ্মা জীৱিত মোগল’- অখিল গগৈ জে’লৰ পৰা ওলালেই ৰাজ্যৰ ৰাজনীতিলৈ ছুনামী আহিব, ক’লে কমল কুমাৰ মেধিয়ে

‘হিমন্ত বিশ্ব শৰ্মা জীৱিত মোগল’- অখিল গগৈ জে’লৰ পৰা ওলালেই ৰাজ্যৰ ৰাজনীতিলৈ ছুনামী আহিব, ক’লে কমল কুমাৰ মেধিয়ে

News18 Assam | News18-Assam
Updated:January 3, 2021, 10:24 PM IST
‘হিমন্ত বিশ্ব শৰ্মা জীৱিত মোগল’- অখিল গগৈ জে’লৰ পৰা ওলালেই ৰাজ্যৰ ৰাজনীতিলৈ ছুনামী আহিব, ক’লে কমল কুমাৰ মেধিয়ে
জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত উদমাৰীস্থিত আতোৱাৰ ৰহমান বি এড কলেজ খেল পথাৰত ৰাইজৰ দলৰ কমিটী গঠনৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত উদমাৰীস্থিত আতোৱাৰ ৰহমান বি এড কলেজ খেল পথাৰত ৰাইজৰ দলৰ কমিটী গঠনৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

  • Share this:
জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত উদমাৰীস্থিত আতোৱাৰ ৰহমান বি এড কলেজ খেল পথাৰত ৰাইজৰ দলৰ কমিটী গঠনৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথি হিচাপে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক কমল কুমাৰ মেধি উপস্থিত থাকে।

সভাত ভাষণ প্ৰদান কৰি কমল কুমাৰ মেধিয়ে কয় যে, ‘ অসম চৰকাৰে 'কা' আন্দোলন কৰা কেইবাগৰাকী নেতা কৰ্মীক কাৰাৰুদ্ধ কৰিছিল। প্ৰায়বোৰকে মুকলি কৰি দিছে কিন্তু কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে এটাৰ পিছত আন এটা গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে।’

কমল কুমাৰ মেধিয়ে লগতে কয় যে, ‘কম দিনৰ ভিতৰত অখিল গগৈয়ে মুক্তি পাব আৰু মুক্তি পোৱাৰ দিনাৰ পৰাই অসমত এটা ঐতিহাসিক দিনৰ সূচনা হ'ব আৰু ৰাজনৈতিক ছুনামী আৰম্ভ হ'ব।’

ইফালে সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কমল কুমাৰ মেধিয়ে জীৱিত মোগল আখ্যা দিয়ে।  কমল কুমাৰ মেধিয়ে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক মিঞা মিউজিয়ামতকৈ মিঞাৰ মাটিৰ পট্টা, গৰাখহনীয়া সমস্যা আদিৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়।

আজিৰ সভাত জনীয়া সমষ্টি কমিটীৰ বাবে ৬ জন উপদেষ্টা বাচনি কৰা হয়। উপদেষ্টা কেইজন ক্ৰমে , ইব্ৰাহিম আলী, হজৰত আলী, আব্দুল খালেক, আব্দুল হালিম সৰকাৰ, আব্দুল মান্নান চৌধুৰী আৰু ৰফিকুল ইছলাম।
Published by: Himangshu Bhuyan
First published: January 3, 2021, 10:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি