ৰাইজৰ দলত যোগদান কমল কুমাৰ মেধিৰ, ক’লে – বিজেপিৰ একমাত্ৰ বিকল্প কেৱল অখিল গগৈৰ নেতৃত্বতহে পোৱা যাব

News18 Assam | News18-Assam
Updated:December 21, 2020, 5:40 PM IST
ৰাইজৰ দলত যোগদান কমল কুমাৰ মেধিৰ, ক’লে – বিজেপিৰ একমাত্ৰ বিকল্প কেৱল অখিল গগৈৰ নেতৃত্বতহে পোৱা যাব
মই ক্ষমতাৰ বাবে কংগ্ৰেছ এৰা হ’লে শাসকীয় বিজেপিত যোগদান কৰিলোহেঁতেন। কিন্তু তাকে নকৰি ৰাইজৰ দলত যোগদান কৰিছো।

মই ক্ষমতাৰ বাবে কংগ্ৰেছ এৰা হ’লে শাসকীয় বিজেপিত যোগদান কৰিলোহেঁতেন। কিন্তু তাকে নকৰি ৰাইজৰ দলত যোগদান কৰিছো।

  • Share this:
কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সম্পাদক কমল কুমাৰ মেধিয়ে। ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। কমল কুমাৰ মেধিৰ উপৰি কংগ্ৰেছ দলৰ আৰ টি এ বিভাগৰ উপাধ্যক্ষ বিনয় ডেকা, লেখক বাবু ৰাভা হাকাচাম, আম আদমী পাৰ্টীৰ শান্তনু সেন, কে এম এছ এছৰ নেতা প্ৰণৱ কলিতা, মধু শৰণীয়া, অজিত খাটনিয়াৰৰ লগতে ভৱানীপুৰৰ অসম গণ পৰিষদ ত্যাগ কৰি আঠজন কৰ্মীয়ে যোগদান কৰে ৰাইজৰ দলত।

ৰাইজৰ দলত যোগদান কৰি কমল কুমাৰ মেধিয়ে কয়, ‘‘আমি ঘৰলৈ উভতি আহিছো। আমাৰ প্লেটফৰ্ম বেলেগ আছিল যদিও এতিয়া একেখনে পেল্টফৰ্ম। নামনি অসমৰ প্ৰতিটো সমষ্টিৰ বহু লোকে কম দিনৰ ভিতৰত ৰাইজৰ দলত যোগদান কৰিব।’’

‘‘বিজেপিয়ে জনবিৰোধী নীতি লোৱাৰ সময়ত নাগৰিক সমাজৰ নতুন দায়িত্ব লোৱাৰ সময় আহি পৰিছে। বিজেপি–আৰএছএছে ধৰ্মীয় মেৰুকৰণৰ পৰিৱেশ আনিছে। তেনে সময়ত আমি সকলোৱে একত্ৰিত হ’ব লাগে। যিয়ে আৰএছএছ–বিজেপিৰ কাৰচাজি বুজিব পৰা নাই, তেওঁলোকে আমাক সমালোচনা কৰিবলৈ উঠি পৰি লাগিছে।’’ – ক’লে কমল কুমাৰ মেধিয়ে।

দলটোত যোগদান কৰি কমল কুমাৰ মেধিয়ে আৰু কয় যে অখিল গগৈৰ লগত মতানৈক্য হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা ওলাই গৈছিলোঁ। কিন্তু আমাৰ কেতিয়াও ব্যক্তিগত সংঘাত হোৱা নাছিল। বিপদৰ সময়ত আমি এজন আনজনৰ সহায় কৰি আহিছো। আৰু এইটো সত্য বিজেপিৰ একমাত্ৰ বিকল্প কেৱল অখিল গগৈৰ নেতৃত্বতহে পোৱা যাব। মই ক্ষমতাৰ বাবে কংগ্ৰেছ এৰা হ’লে শাসকীয় বিজেপিত যোগদান কৰিলোহেঁতেন। কিন্তু তাকে নকৰি ৰাইজৰ দলত যোগদান কৰিছো।
Published by: Sanjay Kumar Das
First published: December 21, 2020, 5:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading