চৰকাৰী সকলো নীতি–নিয়ম মানি প্ৰৱেশ কৰিব পাৰিব মন্দিৰত। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুত কৰি দিছে গাইডলাইন।
চৰকাৰী সকলো নীতি–নিয়ম মানি প্ৰৱেশ কৰিব পাৰিব মন্দিৰত। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুত কৰি দিছে গাইডলাইন।
এতিয়াও স্থিৰ হোৱা নাই মা কামাখ্যা ধাম মুকলিৰ দিন। মন্দিৰত কোভিডৰ আন্তঃগাঁথনি সম্পূৰ্ণ হোৱাৰ পিছত মুকলি হ’ব মন্দিৰৰ চৌহদ। বুধবাৰৰ পৰা আৰম্ভ হ’ব মন্দিৰৰ আন্তঃগাঁথনি নিৰ্মাণ। সম্ভৱত ১৫ দিনৰ পিছত মুকলি কৰিব পৰা যাব মন্দিৰ। অৱশ্যে মন্দিৰ মুকলি হ’লেও ভক্তই দৰ্শন কৰিব নোৱাৰিব। তাৰ বিপৰীতে মন্দিৰৰ চৌহদত প্ৰৱেশ কৰি পৰিক্ৰমা কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে মন্দিৰত দৈনিক ৫শ ভক্তই প্ৰবেশ কৰিব পাৰিব।
চৰকাৰী সকলো নীতি–নিয়ম মানি প্ৰৱেশ কৰিব পাৰিব মন্দিৰত। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুত কৰি দিছে গাইডলাইন। কোভিড পৰীক্ষা কৰি অহা ব্যক্তি মন্দিৰত প্ৰৱেশ কৰিব পাৰিব। কোভিড পৰীক্ষা নকৰা কোনো ব্যক্তিয়ে কামাখ্যাত প্ৰবেশ কৰিব নোৱাৰিব। তিনিদিন পূৰ্বৰ পৰীক্ষা পত্ৰ লগত অনা ব্যক্তিয়ে প্ৰৱেশৰ সুযোগ পাব।
VIP, VVIPৰ প্ৰৱেশতো একে বাধ্যবাধকতা থাকিব। মাৰ প্ৰসাদ বিতৰণ নহ’ব মন্দিৰৰ ভিতৰত। অৱশ্যে মন্দিৰত পূজা, বিয়া আদি অনুষ্ঠান হ’ব। সংবাদ মেলযোগে এই কথা প্ৰকাশ কৰিলে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|