২১ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যাত হ’বলগীয়া অম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিচালনা সমিতিয়ে।
২১ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যাত হ’বলগীয়া অম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিচালনা সমিতিয়ে।
বিগত ৭০ দিনে লকডাউনৰ বাবে দেশত বন্ধ হৈ আছে ধৰ্মীয় উপসনাস্থলীসমূহ।শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি পঞ্চম পৰ্যায়ৰ লকডাউনত খোলাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে হোটেল, ৰেষ্টুৰেষ্টু আৰু ধৰ্মীয় স্থানসমূহ। ৮ জুনৰ পৰা দেশৰ বিভিন্ন স্থানত দর্শণাৰ্থীৰ বাবে মুকলি হ’ব মঠ-মন্দিৰসমূহ। কিন্ত, ৩০ জুনলৈ বন্ধ থাকিব নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা দেৱালয়।
মন্দিৰ পৰিচালনা সমিতিয়ে জুলাই মাহৰ প্ৰথম ভাগতহে ভক্তৰ বাবে মুকলি কৰিব কামাখ্যাৰ মূল দুৱাৰ। ২১ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যাত হ’বলগীয়া অম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিচালনা সমিতিয়ে। কেৱল ধৰ্মীয় নীতি-নিয়ম অনুসৰি এইবাৰৰ অম্বুবাচী মেলা আয়োজন কৰিলেও মন্দিৰ খুলিলে অধিক ভক্তৰ সমাগম হোৱাৰ অংশকা থকাৰ বাবে জুন মাহত বন্ধ থাকিব কামাখ্যা দেৱালয়।
অম্বুবাচীৰ সময়ত দেশী-বিদেশী ভক্ত আহিলে কোৰোণা সংক্ৰমণৰ অংশকা অধিক থকাৰ বাবেও সতৰ্কতামূলক ব্যৱস্থা হাতত লৈছে মন্দিৰ কতৃপক্ষই। ইফালে, লকডাউনৰ দুটা মাহতকৈ অধিক সময় কামাখ্যা মন্দিৰ বন্ধ হৈ থকাত আৰ্থিক সংকটৰ মাজত দিন কটাবলগীয়া হৈছে কমৰ্চাৰীৰ লগতে পুৰোহিতসকলে। উল্লেখযোগ্য যে লকডাউনৰ সময়ত কামাখ্যা দেৱালয়ৰ লগত জড়িত কৰ্মচাৰী আৰু পুৰোহিতসকলক সহায় কৰি আহিছে কামাখ্যা পৰিচালনা সমিতিয়ে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|