কাইলৈ পুৱা নোখোলে কামাখ্যাৰ দুৱাৰ, আঁৰত অৰ্ধ শতিকাৰ পিছত হোৱা বিশেষ মহাজাগতিক পৰিঘটনা

News18 Assam | News18-Assam
Updated:December 25, 2019, 3:17 PM IST
কাইলৈ পুৱা নোখোলে কামাখ্যাৰ দুৱাৰ, আঁৰত অৰ্ধ শতিকাৰ পিছত হোৱা বিশেষ মহাজাগতিক পৰিঘটনা
১২.৩০ বজাৰ পিছত মুকলি কৰা হ'ব মন্দিৰৰ দুৱাৰ। ইফালে এই সময়চোৱাত প্ৰতিৰক্ষা বাহিনীৰ ৫০ টকীয়া বিশেষ টিকট বন্ধ থকাৰ বিপৰীতে বিশেষ দৰ্শণাৰ্থীৰ ৫০১ টকীয়া টিকট সীমিত থাকিব।

১২.৩০ বজাৰ পিছত মুকলি কৰা হ'ব মন্দিৰৰ দুৱাৰ। ইফালে এই সময়চোৱাত প্ৰতিৰক্ষা বাহিনীৰ ৫০ টকীয়া বিশেষ টিকট বন্ধ থকাৰ বিপৰীতে বিশেষ দৰ্শণাৰ্থীৰ ৫০১ টকীয়া টিকট সীমিত থাকিব।

  • Share this:
বৃহস্পতিবাৰে পুৱাৰ ভাগত দৰ্শণাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ। বলয়গ্ৰাস সূৰ্য গ্ৰহণৰ বাবে বন্ধ থাকিব কামাখ্যা ধামৰ প্ৰৱেশদ্বাৰ। ১৯৬২ চনৰ পিছত এয়া হ’ব সবাতোকৈ ডাঙৰ এই সূৰ্যগ্ৰহণ। পুৱা ৮.০৪ বজাৰ পৰা সমগ্ৰ ভাৰততে আৰম্ভ হ'ব সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণত ছয়টাকৈ গ্ৰহ একলগ হ'ব। ইয়াৰ পূৰ্বে ১৯৬২ চনত সাতটা গ্ৰহ একলগে হৈছিল। কিন্তু এইবাৰ অৰ্থাৎ ২০১৯ৰ অন্তিম মাহত একেলগে দেখা যাব ছয়টাকৈ গ্ৰহ।

জ্যোতিষ শাস্ত্ৰৰ মতে তিনিঘণ্টা হ'ব এইবাৰৰ সূৰ্য গ্ৰহণ। পুৱা ৮.০৪ বজাত আৰম্ভ হোৱা সূৰ্য গ্ৰহণ ৯.৩৭ বজাত মধ্যকাল হ'ব। ১০.৫৭ বজাত গ্ৰহণৰ মোক্ষ হ'ব আৰু দুপৰীয়া ১২ বজাত সমাপ্ত হ'ব সূৰ্যগ্ৰহণ।

সেয়েহে কামাখ্যা দৰ্শণাৰ্থীৰ বাবে ১২.৩০ বজাৰ পিছত মুকলি কৰা হ'ব মন্দিৰৰ দুৱাৰ। ইফালে এই সময়চোৱাত প্ৰতিৰক্ষা বাহিনীৰ ৫০ টকীয়া বিশেষ টিকট বন্ধ থকাৰ বিপৰীতে বিশেষ দৰ্শণাৰ্থীৰ ৫০১ টকীয়া টিকট সীমিত থাকিব।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি