বলীউডৰ অভিনেতা অনুপম খেৰে আজি শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰে। কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস গ্ৰহণ অভিনেতাগৰাকীয়ে।
কামাখ্যা মন্দিৰ দৰ্শন কৰি আপ্লুত হৈ পৰা বুলি জানিবলৈ দি অভিনেতাজনে কামাখ্যা দেৱীৰ শ্ৰীচৰণত নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে প্ৰাৰ্থনা আগবঢ়োৱাৰ কথা উল্লেখ কৰে।
উল্লেখ্য যে শনিবাৰে গুৱাহাটীত উপস্থিত হৈছিল অনুপম খেৰ। উপস্থিত হৈয়েই টুইটাৰত উৰাজাহাজৰ ভিতৰৰ পৰা লোৱা অসমৰ এক মনোৰম ভিডিঅ' শ্বেয়াৰ কৰিছিল অভিনেতাগৰাকীয়ে। সেই ভিডিঅ'ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক টেগ কৰিছিল অনুপম খেৰে। মুখ্যমন্ত্ৰী শৰ্মায়ো তেওঁক স্বাগতম জনাই ৰিপ্লাই দিয়ে।
Published by: Gautam Barman
FIRST PUBLISHED : September 18, 2022, 17:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।