உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আজিৰে পৰা ভক্তৰ বাবে খোল খালে শক্তিপীঠ কামাখ্যা

    আজিৰে পৰা ভক্তৰ বাবে খোল খালে শক্তিপীঠ কামাখ্যা

    এক বিবৃতিত মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে, পুৱা ৮ বজাত দেৱালয়ৰ চৌহদৰ প্রৱেশদ্বাৰ মুকলি কৰি দিয়া হয় আৰু সূর্যাস্ত পর্যন্ত ভক্তসকলে প্রৱেশ কৰিব পাৰিব৷

    • Share this:
    ভক্তৰ বাবে আজিৰে পৰা মুকলি হ’ল কামাখ্যা মন্দিৰৰ চৌহদ৷ অৱশ্যে ভক্তসকলে মন্দিৰৰ চৌহদতহে প্রদক্ষিণ কৰিব পাৰিব৷ মন্দিৰৰ ভিতৰত থকা মূল বিগ্রহ সদ্যহতে পূজাৰ বাবে মুকলি কৰা নহয়৷ কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে এই কথা সদৰী কৰিছে৷

    এক বিবৃতিত মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে, পুৱা ৮ বজাত দেৱালয়ৰ চৌহদৰ প্রৱেশদ্বাৰ মুকলি কৰি দিয়া হয় আৰু সূর্যাস্ত পর্যন্ত ভক্তসকলে প্রৱেশ কৰিব পাৰিব৷ কোৰোণাৰ সংক্রমণ প্রতিৰোধৰ বাবে স্বাস্থ্য বিভাগে মন্দিৰৰ নামনিত কোৰোণা পৰীক্ষাৰ বাবে শিবিৰ স্থাপন কৰিব৷ প্রতিগৰাকী ভক্তই ৰেপিড এণ্টিজেন টেষ্ট কৰিহে প্রৱেশৰ বাবে অনুমতি লাভ কৰিব৷

    যিসকলে বিগত ৩ দিনৰ ভিতৰত কোৰোণা পৰীক্ষা কৰাইছে, তেওঁলোকে প্রৱেশৰ সময়ত পৰীক্ষাৰ ৰিপ’ৰ্ট দেখুৱাব লাগিব৷ মন্দিৰ চৌহদত প্রৱেশৰ আগতে সুৰক্ষা কর্মীক কোৰোনা পৰীক্ষাৰ ৰিপ’ৰ্ট দেখুওৱাৰ পাছত অন্নক্ষেত্রৰ কার্যালয়ত প্রৱেশ–পত্র প্রদান কৰা হ’ব৷ একোগৰাকী ভক্তক মাত্র ১৫ মিনিটৰ বাবেহে মন্দিৰ চৌহদত থকাৰ অনুমতি দিয়া হ’ব৷

    সজাগতামূলক ব্যৱস্থা হিচাপে থার্মেল স্ক্রীণিং আৰু ছেনিটাইজেচন চেম্বাৰৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি ভক্তসকলে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক৷ ইয়াৰ পিছত জিলা প্রশাসনৰ লগত আলোচনামর্মে মূল বিগ্রহ ভক্তৰ দর্শনৰ বাবে মুকলি কৰা সন্দর্ভত সিদ্ধান্ত লোৱা হ’ব৷
    Published by:Sanjay Kumar Das
    First published: