কামাখ্যা মন্দিৰ দেশৰ তৃতীয় শ্ৰেষ্ঠ পৰিষ্কাৰ স্থান

জলশক্তি মন্ত্ৰণালয়, খোৱাপানী আৰু স্বচ্ছতা বিভাগে মঙলবাৰে দেশৰ পৰিষ্কাৰ স্থানৰ তালিকা ঘোষণা কৰিছে

News18-Assam
Updated:September 4, 2019, 3:06 PM IST
কামাখ্যা মন্দিৰ দেশৰ তৃতীয় শ্ৰেষ্ঠ পৰিষ্কাৰ স্থান
Source-Google
News18-Assam
Updated: September 4, 2019, 3:06 PM IST
নীলাচলৰ বুকুত থকা মা কামাখ্যা মন্দিৰে ভাৰতবৰ্ষৰ তৃতীয় শ্ৰেষ্ঠ ‘পৰিষ্কাৰ স্থান’ৰ স্বীকৃতি লাভ কৰিছে। জলশক্তি মন্ত্ৰণালয়, খোৱাপানী আৰু স্বচ্ছতা বিভাগে মঙলবাৰে দেশৰ পৰিষ্কাৰ স্থানৰ তালিকা ঘোষণা কৰিছে।

শুকুৰবাৰে নতুন দিল্লীত এই বটা প্ৰদান কৰা হ’ব।বটা প্ৰদান অনুষ্ঠানত বটা গ্ৰহন কৰিব কামাখ্যা মন্দিৰৰ দলৈ মোহিত চন্দ্ৰ শৰ্মা, স্বচ্ছ ভাৰত অভিযান মিছনৰ অসমৰ মিছন ডাইৰেক্টৰ মোহন লাল চুৰেকাই।

 

উল্লেখ যোগ্য যে জম্মু–কাশ্মীৰৰ ৰিয়াছী জিলাৰ ত্ৰিকূট পাহাৰত অৱস্থিত প্ৰসিদ্ধ মাতা বৈষ্ণো দেৱী মন্দিৰক দেশৰ ভিতৰতে ‘সৰ্বশ্ৰেষ্ঠ পৰিষ্কাৰ স্থান’ হিচাপে ঘোষণা কৰা হৈছে। জলশক্তি মন্ত্ৰণালয়, খোৱাপানী আৰু স্বচ্ছতা বিভাগে মঙলবাৰে দেশৰ পৰিষ্কাৰ স্থানৰ তালিকা ঘোষণা কৰিছে।

মুখপাত্ৰগৰাকীয়ে জনায় যে ১৩০০ চাফাই কৰ্মীৰ কঠোৰ পৰিশ্ৰমৰ ফলতে এই তীৰ্থস্থানখনে দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ পৰিষ্কাৰ স্থান হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ২০১৭ বৰ্ষত বৈষ্ণো দেৱী মন্দিৰে খোৱাপানী আৰু স্বচ্ছতা মন্ত্ৰণালয়ৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছিল। ২০১৭ চনত পঞ্জাবৰ স্বৰ্ণ মন্দিৰ এই তালিকাৰ প্ৰথম স্থানত আছিল। ৬ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বৈষ্ণো দেৱী মন্দিৰৰ এই কৃতিত্বৰ বাবে পুৰস্কৃত কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি