২৪ ছেপ্তেম্বৰত ভক্তৰ বাবে মুকলি হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ, দৰ্শনাৰ্থীয়ে মানিব লাগিব বহু নীতি-নিয়ম

News18 Assam | News18-Assam
Updated:September 21, 2020, 10:38 PM IST
২৪ ছেপ্তেম্বৰত ভক্তৰ বাবে মুকলি হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ, দৰ্শনাৰ্থীয়ে মানিব লাগিব বহু নীতি-নিয়ম
Source-Google

২৪ ছেপ্তেম্বৰৰ পৰা খোল খাব কামাখ্যা মন্দিৰ। কিন্তু মন্দিৰত প্ৰৱেশৰ সময়ত ভক্তই মানিব লাগিব কোভিড প্ৰট’কল।

  • News18 Assam
  • Last Updated: September 21, 2020, 10:38 PM IST
  • Share this:
২৪ ছেপ্তেম্বৰৰ পৰা খোল খাব কামাখ্যা মন্দিৰ। কিন্তু মন্দিৰত প্ৰৱেশৰ সময়ত ভক্তই মানিব লাগিব কোভিড প্ৰট’কল। মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰাও জাৰি কৰা হৈছে কেতবোৰ বিশেষ নীতি-নিয়ম। এই সন্দৰ্ভত কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ সৈতে যোৱা ১৯ ছেপ্তেম্বৰত কামৰূপ মহানগৰৰ উপায়ুক্ত আৰু আৰক্ষীৰ এক বৈঠক অনুষ্ঠিত হৈছিল।

কামাখ্যা মন্দিৰলৈ যাবলৈ হ’লে ভক্তই মানিব লাগিব এই সমূহ নীতি-নিৰ্দেশনাঃ


  • মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি হ’লেও ৫০০তকৈ অধিক ভক্তৰ সমাগম হ’ব নোৱাৰিব।

  • ভক্ত সকলে মন্দিৰ দৰ্শনৰ বাবে ল’ব লাগিব অনলাইন পাছ।

  • এই পাছ উপলব্ধ নহ’ব ৬৫ বছৰৰ ওপৰৰ আৰু ১০ বছৰৰ তলৰ শিশুৰ বাবে।

  • অনলাইন বুকিং সময় অনুসৰি কৰিব লাগিব। ১৫ মিনিটতকৈ অধিক সময় মন্দিৰত থাকিব নোৱাৰিব ।


  • এই অনলাইন প্ৰবেশ পত্ৰ বোৰত সময় নিৰ্ধাৰিত কৰি দিব লাগিব। আৰক্ষীয়ে অনলাইন প্ৰবেশ পত্ৰ পৰীক্ষা কৰাৰ পিছতহে মন্দিৰ চৌহদত প্ৰবেশৰ বাবে দৰ্শনাৰ্থীক অনুমতি প্ৰদান কৰিব।

  • মূল মন্দিৰত প্ৰবেশ কৰাৰ পূৰ্বে হাত চেনিটাইজ কৰাৰ লগতে থাৰ্মেল স্কেনাৰৰ জৰিয়তে শৰীৰৰ তাপমান পৰীক্ষা কৰা হ’ব।

  • মন্দিৰলৈ আহোতে ভক্তই কোৰোণা নিগেটিভৰ প্ৰমাণ পত্ৰ লগত আনিব লাগিব।সেই প্ৰমান পত্ৰ ৩ দিনতকৈ অধিক সময় পূৰ্বে পৰীক্ষা কৰা হ’ব নালাগিব।

  • মন্দিৰৰ চৌপাশত কোনো ভক্তক ৰাতি কটাবলৈ অনুমতি দিয়া নহ’ব ।


কিন্তু একাংশ সংবাদ মাধ্যমৰ আগত মন্দিৰৰ পুৰোহিত সমাজে জনোৱা মতে ,তেওঁলোক মন্দিৰ খুলিবলৈ চৰকাৰৰ নিৰ্দেশ পিছতো সাজু নহয়।
Published by: Himangshu Bhuyan
First published: September 21, 2020, 10:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading