• Home
  • »
  • News
  • »
  • assam
  • »
  • Northeast Frontier Railway : ক্ষমতা বৃদ্ধি কাৰ্যৰ বাবে কামাখ্যা-লোকমান্য তিলক (টি)-কামাখ্যা কৰ্মভূমি এক্সপ্ৰেছ ৰে'ল বাতিল

Northeast Frontier Railway : ক্ষমতা বৃদ্ধি কাৰ্যৰ বাবে কামাখ্যা-লোকমান্য তিলক (টি)-কামাখ্যা কৰ্মভূমি এক্সপ্ৰেছ ৰে'ল বাতিল

২০ আগষ্ট আৰু ২৭ আগষ্ট, ২০২২ তাৰিখে কামাখ্যাৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'লখন বাতিল কৰা হৈছে।

২০ আগষ্ট আৰু ২৭ আগষ্ট, ২০২২ তাৰিখে কামাখ্যাৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'লখন বাতিল কৰা হৈছে।

২০ আগষ্ট আৰু ২৭ আগষ্ট, ২০২২ তাৰিখে কামাখ্যাৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'লখন বাতিল কৰা হৈছে।

  • Share this:
শুক্ৰবাৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই সংবাদ মাধ্যমলৈ দিয়া এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি দক্ষিণ–পূব মধ্য ৰে'লৱেৰ ৰায়গড়-ঝাৰচুগুড়া জংচন খণ্ডৰ অন্তৰ্গত হিমগিৰ ষ্টেচনত চতুৰ্থ লাইনৰ কমিছনিং কৰাৰ বাবে ২১ আগষ্টৰ পৰা ২৯ আগষ্ট, ২০২২ তাৰিখ পৰ্যন্ত প্ৰি-নন-ইণ্টাৰলকিং আৰু নন-ইণ্টাৰলকিং কাম আৰম্ভ কৰা হৈ আছে।

এই ক্ষমতা বৃদ্ধি কাৰ্যৰ প্ৰতি লক্ষ্য ৰাখি, ৰে'ল নং ২২৫১২/২২৫১১ কামাখ্যা–লোকমান্য তিলক(টি)-কামাখ্যা কৰ্মভূমি এক্সপ্ৰেছ ৰে'লখন নিম্নলিখিত ধৰণে বাতিল থাকিব-

২০ আগষ্ট আৰু ২৭ আগষ্ট, ২০২২ তাৰিখে কামাখ্যাৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং ২২৫১২ কামাখ্যা – লোকমান্য তিলক (টি) কৰ্মভূমি এক্সপ্ৰেছ বাতিল থাকিব।

একেদৰে, ২৩ আৰু ৩০ আগষ্ট, ২০২২ তাৰিখে লোকমান্য তিলকৰ (টি) পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং. ২২৫১১ লোকমান্য তিলক (টি) – কামাখ্যা কৰ্মভূমি এক্সপ্ৰেছ বাতিল থাকিব।
Published by:Gautam Barman
First published: