ধিঙৰ বিধায়ক আমিনুল ইছলামে কামাখ্যা মন্দিৰ সন্দৰ্ভত দিয়া মন্তব্যক লৈ কামাখ্যা মন্দিৰৰ দলৈৰ প্ৰতিক্ৰিয়া। কিহৰ ওপৰত ভিত্তি কৰি আমিনুল ইছলামে মোগল সম্ৰাট ঔৰংগজেৱে কামাখ্যা মন্দিৰত মাটি দিয়া বুলি তথ্য পালে সেয়া ৰাজহুৱা কৰিবলৈ আহ্বান দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাৰ। বিধায়কজনে দিয়া মন্তব্যৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰাৰ লগতে কামাখ্যা দেৱালয়ৰ ভূমি আহোম ৰজাই প্ৰদান কৰা বুলি প্ৰকাশ কৰে কবীন্দ্ৰ প্ৰসাদ শৰ্মাই।
পৰৱৰ্তী সময়ত সেই ভূমিৰে কিছু অংশ চৰকাৰে অধিগ্ৰহণ কৰাৰ পিছত অৱশিষ্ট অংশত মন্দিৰটো থকা বুলি উল্লেখ তেওঁ। AIUDF বিধায়কজনে কৰা বিতৰ্কিত মন্তব্যৰ প্ৰমাণ যদি তেওঁৰ হাতত আছে সেয়া দেৱালয়ক প্ৰদৰ্শন কৰাৰ আহ্বান জনালে শৰ্মাই। অনাহকত এনেকুৱা বিতৰ্কিত মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাৰ।
যদি ভৱিষ্যতে আমিনুল ইছলামে পুনৰ এনেকুৱা মন্তব্য কৰে তেন্তে তেওঁৰ ওপৰত দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্টৰূপত দলৈগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰোপৰি আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকীয়নি দিয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনায় দলৈগৰাকীয়ে।
উল্লেখ্য যে, AIUDF বিধায়কজনে মোগল সম্ৰাট ঔৰংগজেৱে দেশৰ ১০০টাকৈ মঠ–মন্দিৰক ভূমি দান কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। সেই ১০০টা মঠ–মন্দিৰৰ ভিতৰত কামাখ্যা মন্দিৰো আছিল বুলি তেওঁ মন্তব্য কৰিছিল।
আমিনুল ইছলামৰ মন্তব্যক লৈ এতিয়া ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ দল- সংগঠনে বিধায়কজনক গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰিছে। বিধায়কজনে এনেকুৱা কথা কৈ থাকিলে শ্বেৰমান আলী আহমেদৰ দৰে তেওঁকো জে’ললৈ প্ৰেৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়াৰ পিছতো গা লৰা নাই বিতৰ্কিত AIUDF বিধায়কজনৰ। কামাখ্যা মন্দিৰ সন্দৰ্ভত দিয়া মন্তব্যক লৈ এতিয়াও নিজৰ কথাতেই অটল বিধায়ক আমিনুল ইছলাম।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|