কলিতাসকলৰ বাবে বিধানসভাত ৪৫খন আসন আৰু চৰকাৰী চাকৰিত ৫০ শতাংশ সংৰক্ষণ!

News18 Assam | News18-Assam
Updated:December 29, 2019, 12:12 PM IST
কলিতাসকলৰ বাবে বিধানসভাত ৪৫খন আসন আৰু চৰকাৰী চাকৰিত ৫০ শতাংশ সংৰক্ষণ!
Source-Google

এই দাবী কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ

  • News18 Assam
  • Last Updated: December 29, 2019, 12:12 PM IST
  • Share this:
কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই কলিতাসকলৰ বাবে বিধানসভাত ৪৫খন আসন আৰু চৰকাৰী চাকৰিত ৫০ শতাংশ সংৰক্ষণৰ দাবী উত্থাপন কৰিছে। লগতে ৰাজ্যসভাত ৩খন আসন সংৰক্ষণৰ দাবী তুলিছে ছাত্ৰ সংগঠনৰ।



অসম চৰকাৰলৈ পত্ৰ যোগে সংগঠনটোৰ সভাপতি অনুপল দত্ত পাঠকে জনাই যে,  ‘আমাৰ ৰাজনৈতিক অধিকাৰৰ বাবে, আমি বিধানসভাত ৪৫খন আসন, লোকসভাত ৪খন আসন আৰু ৰাজ্যসভাত ৩খন আসন সংৰক্ষণৰ দাবী জনাইছো।’

ইয়াৰ উপৰি সংগঠনটোৱে UPSC আৰু APSCত কলিতা সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বাবে কমেও ২খন আসন সংৰক্ষণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত ৪০ শতাংশ আসন সংৰক্ষণৰ দাবী জনায়।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি