• Home
  • »
  • News
  • »
  • assam
  • »
  • Kolija Aaita: কেনে আছে সুভদ্ৰা দেৱী ওৰফে ‘কলিজা আইতা'? অ’ল্ড এজ হোম কৰ্তৃপক্ষই জনালে আশাৰ বতৰা

Kolija Aaita: কেনে আছে সুভদ্ৰা দেৱী ওৰফে ‘কলিজা আইতা'? অ’ল্ড এজ হোম কৰ্তৃপক্ষই জনালে আশাৰ বতৰা

বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰাত আইতাগৰাকীক বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰাত আইতাগৰাকীক বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰাত আইতাগৰাকীক বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

  • Share this:

প্ৰায় ২৪ ঘণ্টা অজ্ঞান হৈ থকাৰ পিছত আজি সম্বিত লাভ কৰিছে সুভদ্ৰা দেৱী ওৰফে ‘কলিজা আইতা’ই। যোৱা তিনি দিন ধৰি চকু নেমেলা আইতাই আজি দুই-এটা কথা ক'বলৈও আৰম্ভ কৰিছে। এই কথা জানিবলৈ দিছে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোম (Pramod Talukdar Memorial Old age home) কৰ্তৃপক্ষই।


অ’ল্ড এজ হোম কৰ্তৃপক্ষই আইতাৰ সাধাৰণভাৱে সুস্থ হোৱাত গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পতালৰ চিকিৎসক, চিকিৎসা কৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টা আৰু ৰাইজৰ মৰমৰ শলাগ লয়।


অৱশ্যে এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই আইতা। তথাপি স্বাস্থ্য সামান্য ভালৰ ফালে অহা কথাটোৱে বহুতকে আনন্দ দিছে। সকলোৰে মৰমৰ সুভদ্ৰা দেৱী ওৰফে ‘কলিজা আইতা’ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা। শতবৰ্ষ গৰকা কলিজা আইতাৰ কথা–বতৰাই সকলোকে মুগ্ধ কৰি আহিছে। বয়োজ্যেষ্ঠ বাবে আইতা অ’ল্ড এজ হোমটোৰ সকলোৰে মৰমৰ আৰু আদৰৰ।


বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰাত আইতাগৰাকীক বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আই চি ইউতে চিকিৎসাধীন হৈ আছে তেওঁ। এতিয়া সকলোৱে আশা কৰিছে আইতা সোনকালে সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতি আহক।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি