৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত অসম দলক প্ৰতিনিধিত্ব কৰিব কলিয়াবৰৰ চিমি গগৈয়ে। গুজৰাটৰ আহমেদাবাদত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে অসম দলত স্থান লাভ কৰিছে কলিয়াবৰৰ মহিলা ফুটবলাৰ চিমি গগৈয়ে।
কলিয়াবৰ ক্ৰীড়া সন্থাৰ অধীনৰ ফ্ৰেণ্ডশ্বীপ ক্লাৱৰ ফুটবলাৰ চিমি গগৈ বৰ্তমান গুৱাহাটীত অনুশীলনত ব্যস্ত হৈ পৰিছে। বিগত ৮ চেপ্তেম্বৰত তিনিচুকীয়াৰ ডুমডুমাত সামৰণি পৰা ২৫ সংখ্যক আন্তঃ জিলা চিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতাত কলিয়াবৰ জিলা দলক প্ৰতিনিধিত্ব কৰি নিজৰ নিপুন ক্ৰীড়া শৈলীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল চিমি গগৈয়ে। সেই সূত্ৰে মহিলা ফুটবল দলৰ নিৰ্বাচকৰ বাচনিত উঠি অসম মহিলা ফুটবল দলত স্থান লাভ কৰে চিমিয়ে। চিমিৰ এই সাফল্যত উৎফুল্লিত কলিয়াবৰবাসী।
উল্লেখ্য যে, অহা ২৯ চেপ্তেম্বৰৰ পৰা ১২ অক্টোবৰলৈ গুজৰাটৰ আহমেদাবাদত হ'ব লগা ৩৬ সংখ্য ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱলৈ ২৭২ জনীয়া অসম দলটো অহা ২৭ চেপ্তেম্বৰত বিমানেৰে ৰাওনা হ'ব।
Published by: Kokil Sarma
FIRST PUBLISHED : September 24, 2022, 18:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।