• Home
  • »
  • News
  • »
  • assam
  • »
  • ছোনিয়াক এৰি মমতাৰ কাষত সুস্মিতা ! সাংসদ গৌৰৱ গগৈৰ খং উঠিছে ...

ছোনিয়াক এৰি মমতাৰ কাষত সুস্মিতা ! সাংসদ গৌৰৱ গগৈৰ খং উঠিছে ...

photo-the print

photo-the print

কংগ্ৰেছৰ(Congress) পৰাই পদত্যাগ কৰি তৃণমূল কংগ্ৰেছী(TMC) হ'ল সুস্মিতা দেৱ(Sushmita Dev) ৷ এই খবৰক লৈ যথেষ্ট ক্ষোভিত হৈছে কলিয়াবৰৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ(Gaurav Gogoi) ৷ 

  • Share this:
সোমবাৰৰ দিনটোত অসমৰ ৰাজনীতিলৈ ধুমুহা আনি মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে যোগদান কৰিলে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত ৷ চাৰিবাৰকৈ শিলচৰৰ সাংসদ হোৱা সুস্মিতা দেৱৰ এই আকস্মিক পদত্যাগ আৰু লগে লগে তৃণমূল কংগ্ৰেছত যোগদানৰ বিষয়টোৱে মোক্ষম আঘাত হানিছে অসম প্ৰদেশ কংগ্ৰেছ আৰু বৰাকৰ কংগ্ৰেছতো ৷

২০১৯ৰ সাধাৰণ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰাজদ্বীপ ৰয়ৰ হাতত পৰাজিত হোৱা সুস্মিতা দেৱৰ পৰিয়ালটো অসম প্ৰদেশ কংগ্ৰেছ আৰু সৰ্বভাৰতীয় কংগ্ৰেছৰে আছিল আপোন ৷ পিছে, সেই কংগ্ৰেছৰ(Congress) পৰাই পদত্যাগ কৰি তৃণমূল কংগ্ৰেছী(TMC) হ'ল সুস্মিতা দেৱ(Sushmita Dev) ৷ এই খবৰক লৈ যথেষ্ট ক্ষোভিত হৈছে কলিয়াবৰৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ(Gaurav Gogoi) ৷ "সুস্মিতা দেৱে কি পোৱা নাছিল? সকলো দিছিল এই কংগ্ৰেছ দলটোৱে ৷ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব অব্যাহত ৰাখিবলৈ কৈছিল ছোনীয়া গান্ধীয়ে ৷ কৈছিল, সমগ্ৰ ভাৰতৰ মহিলাক এতিয়া উদ্ধুদ্ধ কৰিব লাগিব ৷ সমস্যাবোৰ উলিয়াই মহিলাসকলক সমাধানৰ পথ দেখুৱাব লাগিব ৷ সেই ছোনীয়া গান্ধীৰ কাষত নাথাকি সুস্মিতা দেৱ মমতা বেনাৰ্জীৰ কাষত ৷ মোৰ খং উঠিছে ৷"—এইদৰে সংবাদ মাধ্যমত ক'লে গৌৰৱ গগৈয়ে ৷ অকল ইমানেই নহয়, সুস্মিতা দেৱলৈও প্ৰশ্ন এৰিলে প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে—"সুষ্মিতা দেবে দেখোন CAAখনৰ সমৰ্থন কৰিছিল ৷ সেই সুষ্মিতা দেৱে কেনেকৈ যোগদান কৰিব পাৰিলে তৃণমূল কংগ্ৰেছত? মমতা বেনাৰ্জীয়ে সদায়েই CAAৰ বিৰোধিতা কৰি আহিছে ৷ তেনেস্থলত সুষ্মিতা দেৱেই কওক, এয়া কিদৰে সম্ভৱ? "
Published by:Kokil Sarma
First published: