মুখ্যপৃষ্ঠা »খবৰ »অসম »KALIABOR: গ্ৰীন পাৱাৰলাইন উদ‍্যোগত মৃত্যুবৰণ কৰা কুলদীপ নাথৰ পৰিয়ালৰ অভিযোগ- ছেফ্টি বেল্ট, হেলমেটৰ ব্যৱস্থা নাই উদ্যোগটোত

KALIABOR: গ্ৰীন পাৱাৰলাইন উদ‍্যোগত মৃত্যুবৰণ কৰা কুলদীপ নাথৰ পৰিয়ালৰ অভিযোগ- ছেফ্টি বেল্ট, হেলমেটৰ ব্যৱস্থা নাই উদ্যোগটোত

সোমবাৰে বিয়লি মৃত কুলদীপৰ পৰিয়াল-আত্মীয়ৰ সৈতে উদ্যোগত উপস্থিত হয় আৰক্ষী-সংবাদ মাধ্যমৰ লোক। 

সোমবাৰে বিয়লি মৃত কুলদীপৰ পৰিয়াল-আত্মীয়ৰ সৈতে উদ্যোগত উপস্থিত হয় আৰক্ষী-সংবাদ মাধ্যমৰ লোক। 

সোমবাৰে বিয়লি মৃত কুলদীপৰ পৰিয়াল-আত্মীয়ৰ সৈতে উদ্যোগত উপস্থিত হয় আৰক্ষী-সংবাদ মাধ্যমৰ লোক। 

  • Share this:
কলিয়াবৰৰ নলতলীৰ ক'য়েল গ্ৰীন পাৱাৰলাইন উদ‍্যোগটোত কেনেকৈ সংঘটিত হৈছিল দুৰ্ঘটনাটো? কাৰ ভুলৰ বাবে  সোমবাৰে সংঘটিত দুৰ্ঘটনাত মৃত্যু হয় উদ্যোগটোৰ ইলেক্ট্ৰিচিয়ান তথা ছিপাঝাৰৰ যুৱক  কুলদীপ নাথৰ?

উদ্যোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে সন্দেহৰ আঙুলি কুলদীপৰ আত্মীয়ৰ।  উল্লেখ্য যে সোমবাৰে পুৱা কলিয়াবৰৰ নলতলীৰ আৰিমৰাত থকা অসম ঔদ‍্যোগিক বিকাশ নিগমৰ ঔদ্যোগিক আন্তঃগাঁথনি কেন্দ্ৰ চৌহদত থকা ক'য়েল গ্ৰীন পাৱাৰলাইন উদ‍্যোগটোত বিদ‍্যুৎ বিভাগৰ কৰ্মচাৰী  কুলদীপ নাথৰ বৈদ‍্যুতিক সা-সৰঞ্জাম মেৰামতি কৰাৰ সময়ত ওপৰৰ পৰা তললৈ পৰি মৃত্যু হয়।

এই ঘটনাৰ পিছতে সোমবাৰে বিয়লি মৃত কুলদীপৰ পৰিয়াল-আত্মীয়ৰ সৈতে উদ্যোগত উপস্থিত হয় আৰক্ষী-সংবাদ মাধ্যমৰ লোক। উদ্যোগটোত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত সুৰক্ষাজনিত সামগ্ৰী পৰিধান কৰে নে নাই, সেই বিষয়ে জানিবলৈ যাওঁতে প্ৰথমে সাংবাদিকক বাধা প্ৰদান কৰে উদ্যোগটোৰ প্ৰশাসনিক বিষয়াই।

পৰৱৰ্তী সময়ত চুলুং আৰক্ষীৰ হস্তক্ষেপত উদ্যোগটোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয় সাংবাদিক। তাৰ পিছতেই পোহৰলৈ আহে উদ্যোগ কৰ্তৃপক্ষৰ বহু কেৰোণ।

কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে চেফ্টি বেল্ট, হেলমেট, চিচি টিভিৰ ব্যৱস্থা নাই উদ্যোগটোৰ ভিতৰত। এই অভিযোগ সোমবাৰে বিয়লি উদ্যোগটোত উপস্থিত হোৱা মৃত কুলদীপৰ আত্মীয়ৰ। উদ্যোগ কৰ্তৃপক্ষৰ হেমাহি আৰু সুৰক্ষাজনিত ব্যৱস্থা নথকাৰ বাবেই দুৰ্ঘটনাত পতিত হৈ কুলদীপ নাথে মৃত্যুক সাৱটিব লগা হ'ল বুলি অভিযোগ পৰিয়ালৰ।

ইফালে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পশ্চিম কলিয়াবৰ সমিতিয়ে আৰক্ষীক ঘটনাৰ উচিত তদন্তৰ আহ্বান জনোৱাৰ লগতে মৃত কুলদীপ নাথৰ পৰিয়ালক প্ৰাপ্য ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে।

শেহতীয়া বাতৰি