টাইকোৱানডো প্ৰশিক্ষক গ’ল্ড মেডেলিষ্ট পৰশ জ্যোতি দাসৰ নেতৃত্বত যোৱা দলটোৱে অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানডো প্ৰতিযোগিতাত।
টাইকোৱানডো প্ৰশিক্ষক গ’ল্ড মেডেলিষ্ট পৰশ জ্যোতি দাসৰ নেতৃত্বত যোৱা দলটোৱে অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানডো প্ৰতিযোগিতাত।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানডোত দুটাকৈ সোণৰ পদক অৰ্জন কলিয়াবৰৰ দুই খেলুৱৈৰ।
"Open India Kukkiwon Dispatched Master Championship 2022”ত এই সফলতা অৰ্জন কৰিলে কলিয়াবৰৰ দুই প্ৰতিযোগীয়ে। চাৰি বছৰীয়া গৌৰৱ কুন্দো আৰু ছাব-জুনিয়ৰ শাখাত অংকিতা বৰাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
টাইকোৱানডো প্ৰশিক্ষক গ’ল্ড মেডেলিষ্ট পৰশ জ্যোতি দাসৰ নেতৃত্বত যোৱা দলটোৱে অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানডো প্ৰতিযোগিতাত। ইফালে¸কলিয়াবৰৰ পৰা যোৱা দলটোৱে তিনিটাকৈ ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক পাবলৈও সক্ষম হয়।
উল্লেখ্য যে¸ যোৰহাটৰ তিতাবৰত ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত ১ৰ পৰা ৩ জুলাইলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখনত ভাৰতৰ কেইবাখনো ৰাজ্যই অংশগ্ৰহণ কৰিছিল।
উল্লেখযোগ্য যে, প্ৰশিক্ষক গ’ল্ড মেডেলিষ্ট পৰশ জ্যোতি দাসে কণ-কণ শিশুক বিগত চাৰি বছৰে প্ৰদান কৰি আহিছিল সমৰকলাৰ প্ৰশিক্ষণ। ২০১৮ বৰ্ষত কলিয়াবৰ টাইকোৱানডো একাডেমী প্ৰতিষ্ঠা কৰি বহু ছাত্ৰ-ছাত্ৰীক সমৰকলাৰ প্ৰশিক্ষণ দি আহিছিল টাইকোৱানডো প্ৰশিক্ষক পৰশ জ্যোতি দাসে। পৰশ জ্যোতি দাসৰ নেতৃত্বত কলিয়াবৰ টাইকোৱানডো একাডেমীৰ পৰা বহু কণ-কণ শিশুৱে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত সমৰকলা খেলত অংশগ্ৰহণ কৰি সফলতা বুটলিবলৈ সক্ষম হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|