“চৰকাৰ-প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই বানপানী (Assam Flood)ত বহু লোক মৃত্য মুখত পৰিল। বানপানীৰ সময়ত অসমলৈ মোদী¸অমিত শ্বাহ আহিবলৈ সময় নাই বুলি কটাক্ষ সাংসদ গৌৰৱ গগৈ (Gaurav Gogoi)ৰ।
“অসমত GST কিন্তু তামিলনাডুত পেকেজ, বিজেপিৰ এই ব্যৱহাৰত লজ্জিত¸দুঃখিত অসমবাসী।” সলিয়াবৰত বানপীড়িত অঞ্চল ভ্ৰমণ কৰি এইদৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে।
কলিয়াবৰৰ বৰঘূলীত “চৰকাৰ-প্ৰশাসনে দুবাৰ-তিনিবাৰকৈ বান সাহাৰ্য দিব লাগিছিল বন্যাৰ্তক, কিন্তু এবাৰ দিয়েই সামৰিলে” বুলি মন্তব্য গৌৰৱ গগৈৰ।
“বিজেপি চৰকাৰৰ অচ্ছে দিন ক'ত গ'ল? অচ্ছে দিন দুখীয়া সাধাৰণ ৰাইজৰ বাবে নাহে। BJPয়ে নিজৰ দলৰ মানুহক চিনি পায়। অচ্ছে দিন বিজেপিৰ মানুহৰ বাবেহে লাভ হৈছে বুলি পুনৰ প্ৰমাণ হ’ল” বুলি কটাক্ষ গৌৰৱ গগৈৰ।
আনহাতে GSTৰ আওতাত নতুন নতুন সামগ্ৰীক সামৰি লোৱা কাৰ্যক সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, “GST- Gabbar Singh Tax, ৰাহুল গান্ধীৰ সেই কথা আজি সঁচা প্ৰমাণিত হ'ল। GSTয়ে এতিয়া থলুৱা কৃষক, ব্যৱসায়ীৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে।”
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|