মুখ্যপৃষ্ঠা »খবৰ »অসম »MP Gaurav Gogoi: নুমলীগড়ত 'হাথ সে হাথ জোড়ো' কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ

MP Gaurav Gogoi: নুমলীগড়ত 'হাথ সে হাথ জোড়ো' কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ

আইনৰ কথা কোৱা সকলে আইনাত নিজৰ চেহেৰা চাব লাগে- কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ

আইনৰ কথা কোৱা সকলে আইনাত নিজৰ চেহেৰা চাব লাগে- কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ

আইনৰ কথা কোৱা সকলে আইনাত নিজৰ চেহেৰা চাব লাগে- কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ

  • Share this:
কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নুমলীগড়ত ৰাস্তা, বজাৰ, দোকানে–বজাৰে ঘূৰি সকলোকে বেনাৰ, পোষ্টাৰ ইত্যাদি বিতৰণ কৰি ঘূৰি ফুৰিছে। সৰুপথাৰৰ প্ৰাক্তন বিধায়িকা ৰ'জলিনা তিৰ্কীক লগত লৈ সাংসদ গৌৰৱ গগৈয়ে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ দোকান বজাৰ সকলোতে ঘূৰি ফুৰিছে। নুমলীগড়ত ‘হাত সে হাত জোড়ো’ কাৰ্যসূচীৰ জৰিয়তে কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে, ‘‘এইখন চৰকাৰে এটা পৰীক্ষাও পাতিব নাজানে। আমি কয়লা চিণ্ডিকেত শুনিছোঁ, বালি চিণ্ডিকেত শুনিছোঁ, শিলৰ চিণ্ডিকেত শুনিছোঁ কিন্তু বিজেপিৰ চৰকাৰ হোৱাৰ পাছত প্ৰথম বাৰৰ বাবে প্ৰশ্নকাকতৰ চিণ্ডিকেত দেখা পাইছোঁ আৰু শুনিছোঁ । আইনৰ কথা কোৱা সকলে আইনাত নিজৰ চেহেৰা চাব লাগে। এইখন চৰকাৰে আদানিক সুবিধা দিব আমাৰ দুখীয়া মানুহ খিনিক অত্যাচাৰ কৰিব।’’

নুমলীগড়তো গৌৰৱ গগৈ উপস্থিত হৈ বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পৰা আৰম্ভ বিভিন্ন বিষ়য়ত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে। এইখন চৰকাৰে এটা পৰীক্ষাও পাতিব নাজানে বুলি মন্তব্য কৰে। তেওঁ লগতে প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত কয় যে ‘‘যদি কোনোবা চৰকাৰে বিচাৰে প্ৰশ্নকাকত ফাদিল হোৱা বন্ধ কৰিব পাৰে। কিন্তু এইখন চৰকাৰে কেৱল ছিণ্ডিকেট চলাইছে। আমি কয়লা ছিণ্ডিকেট শুনিছোঁ, বালি ছিণ্ডিকেট শুনিছোঁ, শিলৰ ছিণ্ডিকেট শুনিছোঁ কিন্তু বিজেপিৰ চৰকাৰ হোৱাৰ পাছত প্ৰথম বাৰৰ বাবে প্ৰশ্নকাকতৰ ছিণ্ডিকেট দেখা পাইছোঁ আৰু শুনিছোঁ।’’

ইফালে আইন প্ৰণয়নৰ ক্ষেত্ৰত তেখেতে কয় যে, ‘‘আজিৰ তাৰিখত কোনোৱে আইন উলংঘা কৰিলে তেওঁৰ ওপৰত চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ কথা চৰকাৰে কয়। কিন্তু তেওঁলোকক মই সুধিব বিচাৰোঁ যে তেওঁলোক কংগ্ৰেছত থাকোঁতে কিমান আইন উলংঘা কৰিছে, তেওঁলোকে নিজে বাচিবলৈ বিজেপিত যোগদান কৰিছে।’’ সাংসদ গৌৰৱ গগৈয়ে লুইচ বাৰ্জাৰ, সাৰদা কেলেংকাৰিৰ প্ৰসংগও উল্লেখ কৰে।

শেহতীয়া বাতৰি