• Home
  • »
  • News
  • »
  • assam
  • »
  • মুকলিৰ পূৰ্বেই দেৱালত ফাঁট মেলিলে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱ-নিৰ্মিত তিনিমহলীয়া ভৱনত ...

মুকলিৰ পূৰ্বেই দেৱালত ফাঁট মেলিলে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱ-নিৰ্মিত তিনিমহলীয়া ভৱনত ...

মুকলিৰ পূৰ্বেই দেৱালত ফাঁট মেলিলে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত।  কলিয়াবৰৰ জখলাবন্ধাত ২৪ কোটি ৪৭ লাখ  টকাৰ ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা হৈছে এশখন বিচনাযুক্ত তিনি মহলীয়া মহকুমা চিকিৎসালয়খন।

  • Share this:

নিৰ্মান কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিকিৎসালয়খনৰ দেৱালত মেলিছে বৃহৎ বৃহৎ ফাঁট।  ৰাইজৰ চকুত ধূলি দি দেৱালৰ বৃহৎ ফাঁটত সানি দিছে হোৱাইট চিমেণ্ট, পুটিন, বগা ৰং।   নিৰ্মানকাৰী ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ধন সৰাধ কৰাৰ অভিযোগ একাংশৰ।

পূৰ্বৰ জখলাবন্ধা এফ আৰ ইউ  চিকিৎসালয়খনক এশখন বিছনাযুক্ত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণৰ বাবে চৰকাৰে এটা তিনিমহলীয়া ভৱন নিৰ্মাণৰ ঠিকা প্ৰদান কৰিছিল মেচাৰ্ছ কে কে এন্টাৰপ্ৰাইজ নামৰ গুৱাহাটীস্থ এটা ঠিকাদাৰ প্ৰতিষ্ঠানক। ইতিমধ্যে চিকিৎসালয়খনৰ কাম এশ শতাংশই সম্পুৰ্ণ কৰিছে যদিও অতি আশ্চৰ্যৰ বিষয় যে চিকিৎসালয়খনৰ দ্বাৰ মুকলি নৌহওঁতেই নৱনিৰ্মিত বিল্ডিংটোৰ বেৰসমূহত মেলিছে ফাঁট, খহি পৰিছে চিলিঙৰ প্লাষ্টাৰ সমূহ। অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে এনে হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে। আনহাতে স্বাস্থ্য মন্ত্ৰীৰ গৃহ সমষ্টিতে মন্ত্ৰী কেশৱ মহন্তক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে অতি নিম্নমানৰ কাম কৰি ধনৰ শৰাধ কৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে।

আনহাতে চিকিৎসালয়খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰায় পাঁচ মাহেই হ’ল যদিও আজিকোপতি ৰাইজৰ সেৱাৰ বাবে মোকলাই নিদিয়াক লৈও ৰাইজৰ মাজত চলিছে সৰব চৰ্চা। দ্বাৰ মুকলি নোহোৱাৰ পূৰ্বেই বিসংগতি পূৰ্ণ ভাবে চিকিৎসালয়খনৰ ভৱন নিৰ্মাণ কৰা ঠিকাদাৰ গোষ্ঠীটোৰ বিৰুদ্ধে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।
Published by:Kokil Sarma
First published: