মুখ্যপৃষ্ঠা »খবৰ »অসম »কলগাছিয়াৰ উদমাৰীত ভয়ংকৰ পথ দূুৰ্ঘটনা ! বাইক-ই ৰিক্সাৰ সংঘৰ্ষত থিতাতে নিহত এজন ছাত্ৰ ...

কলগাছিয়াৰ উদমাৰীত ভয়ংকৰ পথ দূুৰ্ঘটনা ! বাইক-ই ৰিক্সাৰ সংঘৰ্ষত থিতাতে নিহত এজন ছাত্ৰ ...

প্ৰতীকী ফটো

প্ৰতীকী ফটো

আমিনগাঁৱৰ পৰা বৰপেটা হৈ উত্তৰ শালমাৰা সংযোগী বিকল্প ৰাজ্যিক ঘাইপথৰ উদমাৰীত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ মোশ্বাৰফ হুছেইনৰ থিতাতে মৃত্যু হয়।

  • Share this:

নিহত ছাত্ৰজন বঙাইগাঁও জিলাৰ মাত্ৰাঘোলাৰ বুলি জানিব পৰা গৈছে। নিহত হোৱা ছাত্রজন জনিয়াৰ পৰা কলেজ অভিমুখে এ এছ ১৫ আৰ ২৫০১  নং পালছাৰ বাইকেৰে আহি থকাৰ পথত বামুনটাৰীৰ পৰা জনিয়া অভিমুখে যোৱা ই ৰিক্সাৰ লগত মুখামুখি সংঘৰ্ষ হয় ফলত মোশ্বাৰফ হুছেইন থিতাতে নিহত হয়।আনহাতে ই-ৰিক্সাত থকা তিনিজন যাত্ৰী আঘাতপ্ৰাপ্ত হয়। মেধাৱী ছাত্ৰজনৰ অকাল মৃত্যুত কলেজৰ লগতে অঞ্চলব্যাপী গভীৰ শোকৰ ছাঁ পৰিছে। ঘটনাস্থলীত কলগাছিয়াৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

শেহতীয়া বাতৰি