কলাইগাঁৱৰ ভয়ংকৰ ঘটনা : ঘটনাৰ পূৰ্বে পানীত পেলাই দিছিল ম’বাইল ফোন, আৰু কি কৰিছিল অন্ধবিশ্বাসী পৰিয়ালটোৱে?

তান্ত্ৰিক ৰমেশ চহৰীয়াৰ পৰিয়ালক সোধা–পোছা আৰক্ষীৰ।

news18assam
Updated:July 7, 2019, 4:35 PM IST
কলাইগাঁৱৰ ভয়ংকৰ ঘটনা : ঘটনাৰ পূৰ্বে পানীত পেলাই দিছিল ম’বাইল ফোন, আৰু কি কৰিছিল অন্ধবিশ্বাসী পৰিয়ালটোৱে?
তান্ত্ৰিক ৰমেশ চহৰীয়াৰ পৰিয়ালক সোধা–পোছা আৰক্ষীৰ।
news18assam
Updated: July 7, 2019, 4:35 PM IST
ওদালগুৰি জিলাৰ কলাইগাঁৱত নৰবলিৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিবলৈ উন্মাদ কৰি তোলা তান্ত্ৰিকৰ ঘৰত আৰক্ষীৰ অভিযান। তান্ত্ৰিক ৰমেশ চহৰীয়াৰ পৰিয়ালক সোধা–পোছা আৰক্ষীৰ। পূৰ্বৰ পৰাই যাদৱ চহৰীয়াৰ পৰিয়ালটোক তান্ত্ৰিকতা চলাই অহাৰ কথা স্বীকাৰ কৰিছে পৰিয়ালটোৱে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে তান্ত্ৰিক ৰমেশ চহৰীয়া।

ইফালে, এই লোমহৰ্ষক ঘটনাত আৰক্ষীৰ গুলীত আহত দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ জুমন কলিতাৰ ভিনিহীয়েকে কয় যে উলংগ হোৱাৰ পূৰ্বে বন্ধ আছিল পৰিয়ালটোৰ সকলোৰে ম’বাইল ফোন। সকলোৰে ফোন এটা বাল্টিত পেলাই দিয়া হৈছিল। মন্দিৰত সোমোৱাৰ পিছত কোনো কথা মনত নাই বুলি মন্তব্য লোকজনৰ।

আনহাতে জুমন কলিতাৰ মোমায়েক হীৰেন্দ্ৰ ডেকাই কয় – ৰমেশ চহৰীয়াৰ সৈতে দুবছৰৰ পৰা চিনাকী যাদৱ চহৰীয়াৰ। তান্ত্ৰিকজনৰ সৈতে দুবছৰ পূৰ্বে পৰিচয় হৈছিল পৰিয়ালটোৰ। দীৰ্ঘদিন ধৰি যাদৱৰ পৰিয়ালক চিকিৎসা চলাই আছিল তান্ত্ৰিক ৰমেশে।

উল্লেখযোগ্য যে কলাইগাঁও থানাৰ অন্তৰ্গত কুলশীপাৰাত অন্ধবিশ্বাসৰ গ্ৰাসত পৰি নিজৰ মন্দিৰতে আত্মীয়ৰ এটি শিশুক বলি দিবলৈ উদ্যত হৈছিল এটা পৰিয়াল। উলংগ হৈ নিজৰ ঘৰত থকা মন্দিৰত পূজা–অৰ্চনা কৰিছিল পত্নী-পুত্ৰ আৰু আত্মীয়সহ শিক্ষক যাদৱ চন্দ্ৰ চহৰীয়াই। পূজাৰ পূৰ্বে বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই জ্বলাই দিছিল নিজৰ ঘৰ-দুৱাৰ, ভাঙি লণ্ডভণ্ড কৰিছিল গাড়ী, মটৰ চাইকেল।

শিক্ষক যাদৱ চহৰীয়াই পত্নী-পুত্ৰ আৰু আত্মীয়সহ উলংগ হৈ প্ৰথমে নিজৰ ঘৰ–দুৱাৰ জ্বলাই দিয়ে। তাৰ পিছত মন্দিৰত আৰম্ভ কৰে পূজা–অৰ্চনা। স্থানীয় লোকে ঘটনাৰ বিষয়ে জানিব পাৰি উপস্থিত হয় চহৰীয়াৰ ঘৰত। ৰাইজে অন্ধবিশ্বাসী পৰিয়ালটোৰ কবলৰ পৰা উদ্ধাৰ কৰে শিশুটিক। ৰাইজৰ উপস্থিতিত আক্ৰমণাত্মক হৈ পৰিছিল অন্ধবিশ্বাসী পৰিয়ালটো। ইটা–শিলেৰে ৰাইজকো আক্ৰমণ কৰিছিল পৰিয়ালটোৱে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অন্ধবিশ্বাসী লোককেইজনৰ ভৰিত গুলীচালনা কৰিবলগীয়া হৈছিল আৰক্ষীয়ে। তাৰ পিছতে আহত লোককেইজনক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত। আজি হাস্পতালত মৃত্যু ঘটে যাদৱ চহৰীয়াৰ পুত্ৰ পুলকেশ চহৰীয়াৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি