চহৰীয়া পৰিয়ালক নৰবলিৰ বিধান দিয়া ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াক গ্ৰেপ্তাৰ
News18-Assam Updated:July 9, 2019, 6:57 AM IST

দৰঙৰ উপ–আৰক্ষী অধীক্ষক(সদৰ) মামণি হাজৰিকাৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় ৰমেশ চহৰীয়া।
দৰঙৰ উপ–আৰক্ষী অধীক্ষক(সদৰ) মামণি হাজৰিকাৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় ৰমেশ চহৰীয়া।
- News18 Assam
- Last Updated: July 9, 2019, 6:57 AM IST
যাদৱ চহৰীয়াৰ পৰিয়ালক ধন–ঐশ্বৰ্যৰে চহকী হোৱাৰ সপোন দেখুৱাইছিল ভণ্ড তান্ত্ৰিক ৰমেশে।
‘চামুণ্ডা মাক’ সন্তুষ্ট কৰি মাটিৰ তলত থকা সোণ–গুপ্তধনৰ অধিকাৰী হোৱাৰ সপোন দেখিছিল ‘বিজ্ঞান’ শিক্ষক যাদৱ চহৰীয়াই! তান্ত্ৰিকে দেখুওৱা সপোনক সাৰ্থক কৰিবলৈ ঘৰৰ শিৱ মন্দিৰত উলংগ হৈ পূজা কৰিবলৈ উন্মাদ হৈছিল যাদৱ চহৰীয়াৰ পৰিয়াল। যাদৱ চহৰীয়াৰ ভাষ্য অনুসৰি– তান্ত্ৰিকে এম বি এ ডিগ্ৰীধাৰী পুত্ৰ পুলকেশক ৰত্নভাণ্ডাৰ আৰু জ্যোতিলিংগৰ সন্ধানত মন্দিৰত পূজা অৰ্চনা কৰিবলৈ পৰামৰ্শ দিয়ে।
মাতৃ পুণ্যকান্তি চহৰীয়াই কয় যে তেওঁলোকৰ মৃত জিয়ৰী হেমাশ্ৰীক জীয়াই তুলিবৰ বাবেই এনেদৰে উলংগ হৈ পূজা কৰিছিল পৰিয়ালটোৱে। শুকুৰবাৰে পুৱতি নিশা প্ৰায় তেওঁলোকৰ পুত্ৰ পুলকেশে সেইদিনা তেওঁলোকৰ ঘৰলৈ এক অনন্য শক্তিৰ প্ৰৱেশ ঘটিব বুলি কয়! শিৱ মন্দিৰত হোৱা পূজাৰ সময়ত তেওঁলোকক বস্ত্ৰ খুলি দিবলৈ কৈছিল পুলকেশে।
ৰমেশ চহৰীয়া নামৰ তান্ত্ৰিকজনে পুলকেশক চাকৰি দিয়াৰো আশা দিছিল বুলি উল্লেখ কৰে মাতৃ পুণ্যকান্তি চহৰীয়াই। ৰেলৱে’ বিভাগত চাকৰি দিয়াৰ প্ৰলোভন দিছিল ৰমেশে। অপশক্তিৰ পৰা ৰক্ষা পাবলৈ মৃত পুলকেশ চহৰীয়াক তান্ত্ৰিকে দিছিল গাহৰিৰ দাঁত। এনেদৰে বিভিন্ন লোভ প্ৰলুভন দেখুৱাই, তান্ত্ৰিকে পুলকেশৰ মন–মগজুত বিশেষ প্ৰভাৱ পেলাইছিল বুলি উল্লেখ কৰে মাতৃগৰাকীয়ে।