কলাইগাঁও কাণ্ড : তান্ত্ৰিক ৰমেশৰ উচতনিত উচ্চশিক্ষিত পুলকেশে উলংগ হ’বলৈ বাধ্য কৰাইছিল পিতৃ–মাতৃ, পৰিয়ালক

তান্ত্ৰিক ৰমেশ চহৰীয়াই চাকৰিৰ নামত পইচাও লৈছিল পুলকেশৰ পৰা। প্ৰায় ৪ লাখ টকা পৰিয়ালটোৰ পৰা সৰকাইছিল ৰমেশ চহৰীয়াই।

News18-Assam
Updated:July 8, 2019, 5:49 PM IST
কলাইগাঁও কাণ্ড : তান্ত্ৰিক ৰমেশৰ উচতনিত উচ্চশিক্ষিত পুলকেশে উলংগ হ’বলৈ বাধ্য কৰাইছিল পিতৃ–মাতৃ, পৰিয়ালক
তান্ত্ৰিক ৰমেশ চহৰীয়াই চাকৰিৰ নামত পইচাও লৈছিল পুলকেশৰ পৰা। প্ৰায় ৪ লাখ টকা পৰিয়ালটোৰ পৰা সৰকাইছিল ৰমেশ চহৰীয়াই।
News18-Assam
Updated: July 8, 2019, 5:49 PM IST
দৰঙৰ কলাইগাঁৱৰ ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি এটা পৰিয়ালে নৰবলিৰ দৰে জঘন্য ঘটনা সংঘটিত কৰিবলৈ উদ্যহ হোৱা কাণ্ডই জোকাৰি গৈছে ৰাজ্য। একবিংশ শতিকাৰ আতাইতকৈ জঘন্য এই ঘটনাটোক লৈ পোহৰলৈ আহিছে নতুন নতুন কথা। ইতিমধ্যে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত অন্ধবিশ্বাসী পৰিয়ালটোৰ মুৰব্বী তথা বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াৰ পুত্ৰ পুলকেশ চহৰীয়াৰ হাস্পতালত মৃত্যু হৈছে। GMCHত চিকিৎসাধীন হৈ আছে যাদৱ চহৰীয়া।

কেনেকৈ সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা? কাৰ প্ৰৰোচনাত পৰি পৰিয়ালটোৱে এনে জঘন্য কাণ্ড সংঘটিত কৰিবলৈ উন্মাদ হৈ পৰিছিল? এই সকলোবোৰ কথা NEWS18ৰ আগত কৈ গ’ল যাদৱ চহৰীয়াৰ পত্নীয়ে।

 

যাদৱ চহৰীয়াৰ পত্নীয়ে কয় যে ঘটনাৰ দিনা পুৱতিনিশা প্ৰায় ৩ বজাতে পিতৃ–মাতৃক টোপনিৰ পৰা জগাইছিল পুলকেশে। পিতৃ–মাতৃক সোনকালে শোৱাৰ পৰা উঠি গা ধুবলৈ কৈছিল পুলকেশে। পিতৃ–মাতৃক গা ধুবলৈ দি নিজেও গা ধুইছিল পুলকেশে। তাৰ পিছত পিতৃ–মাতৃক দুখন চকীত বহুৱাই লৈ সেৱা জনাইছিল পুত্ৰই। পিতৃ–মাতৃৰ পৰা আশীৰ্বাদ বিচাৰিছিল পুলকেশে। তেওঁলোকৰ ঘৰত থকা মাহীয়েককো পিতৃ–মাতৃৰ কাষত বহিবলৈ কৈছিল।

পুৱা সাতমান বজাত দেউতাকক গাই খীৰাবলৈ কৈছিল পুলকেশে। মাকক কৈছিল মন্দিৰ দুটা ধুবলৈ। তাৰ পিছতে মন্দিৰৰ শিৱলিংগত গাখীৰ ঢালিছিল পিতৃ–মাতৃয়ে। সেইদিনা পুলকেশে মন্দিৰত চাকি জ্বলাবলৈ দিয়া নাছিল পিতৃ–মাতৃক, কেৱল ধূপ জ্বলাবলৈ দিছিল।

মন্দিৰত প্ৰাৰ্থনা কৰি অহাৰ পিছত ৮ মান বজাত পৰিয়ালৰ আটাইকে চাহ খাবলৈ কৈছিল পুলকেশে। তাৰ পিছত ঘৰৰ সকলো কাপোৰ, বাচন–বৰ্তনত মন্দিৰৰ ঘটৰ পানী ছটিয়াবলৈ দিছিল পৰিয়ালক। মাতৃৰ মতে, তেওঁলোকৰ মন্দিৰত থকা ঘটৰ পানী প্ৰতিদিনে বাঢ়িছিল। তাৰ পিছতে জুমনৰ সৈতে ঘৰৰ সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰিছিল পুলকেশে। ঘৰৰ ৱাগন–আৰ গাড়ীখনৰ লগতে মটৰ চাইকেলৰ পেট্ৰ’ল উলিয়াই বটলত ভৰাইছিল। তাৰ পিছত পিতৃ–মাতৃক কৈছিল – আজি কি পৰিস্থিতি হয় ঠিক নাই।

তাৰ পিছতে পিতৃ–মাতৃক উলংগ হ’বলৈ কৈছিল পুলকেশে। পিতৃ–মাতৃয়ে উলংগ হ’বলৈ অস্বীকাৰ কৰিছিল। কিন্তু পুলকেশ নাচোৰবান্দা আছিল। মহাক–মাহীয়েককো উলংগ হ’বলৈ নিৰ্দেশ দিছিল পুলকেশে। তাৰ পিছতে পুলকেশে একুৰা জুই জ্বলাই সকলোৰে কাপোৰবোৰ পুৰি পেলাবলৈ কৈছিল। পুলকেশৰ কৰ্ম–কাণ্ড দেখি ভয়ত বাথৰুমত সোমাইছিল মহাক ৰুক্ম। কিন্তু পলকেশে মহাকক ভয়–ভাবুকিৰে মাতি আনি উলংগ হ’বলৈ বাধ্য কৰাইছিল।

পৰিয়ালৰ সকলোৱে উলংগ হোৱাত মন্দিৰলৈ যাবলৈ কৈছিল সকলোকে। পুলকেশে কৈছিল এতিয়া ব’লা সকলোৱে মোৰ কাৰণে মন্দিৰত প্ৰাৰ্থনা কৰিবা। মন্দিৰত বিবস্ত্ৰ হৈ বহিছিল সকলোৱে। পুলকেশৰ মুখে মুখে আটায়ে আওৰাইছিল প্ৰাৰ্থনা।

পুলকেশৰ মাতৃয়ে কয় যে পুলকেশ তেনেকুৱা ল’ৰা নাছিল। কিন্তু তাৰ কি হ’ল আমি নাজানো। তাৰ দেহত কোনো অপশক্তি লম্ভিছে বুলি মন্তব্য কৰে মাতৃয়ে। ৭ বছৰ পূৰ্বে পুলকেশৰ ভগ্নীয়ে আত্মহত্যা কৰিছিল। সেই ঘটনাৰ পিছৰে পৰা ঘৰখনত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও কয় মাতৃয়ে।

এই সমগ্ৰ ঘটনাৰ আঁৰত তান্ত্ৰিক ৰমেশ চহৰীয়াকে দোষাৰোপ কৰে যাদৱ চহৰীয়াৰ পত্নীয়ে। ২০১০ চনত যাদৱ চহৰীয়া অসুস্থ হোৱাত ভোলাবাৰী হাইস্কুলৰ তেতিয়াৰ প্ৰধান শিক্ষক (বৰ্তমান অৱসৰপ্ৰাপ্ত) কেশৱ চহৰীয়াৰ খুলশালীয়েক নৱ ডেকাই চিনাকি কৰাই দিছিল তান্ত্ৰিক ৰমেশৰ সৈতে। তেতিয়া গুৱাহাটীত পঢ়ি আছিল পুলকেশ। তাৰ পিছৰে পৰা মাজে মাজে পৰিয়ালটোলৈ চিকিৎসাৰ নামত আহিছিল ৰমেশ চহৰীয়া।

আৰু চাওক পৰৱৰ্তী বাতৰি