ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াই কিদৰে অন্ধবিশ্বাসৰ জালত পেলাইছিল চহৰীয়া পৰিয়ালক?

তান্ত্ৰিকৰ পৰামৰ্শমতেই পুলকেশে আৰম্ভ কৰিছিল তাণ্ডৱলীলা।

news18assam
Updated:July 8, 2019, 5:50 PM IST
ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াই কিদৰে অন্ধবিশ্বাসৰ জালত পেলাইছিল চহৰীয়া পৰিয়ালক?
তান্ত্ৰিকৰ পৰামৰ্শমতেই পুলকেশে আৰম্ভ কৰিছিল তাণ্ডৱলীলা।
news18assam
Updated: July 8, 2019, 5:50 PM IST
পোহৰলৈ আহিছে ওদালগুৰিৰ কলাইগাঁও কাণ্ডৰ নতুন নতুন তথ্য। ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াৰ প্ৰৰোচনাৰ বলি হৈয়ে চহৰীয়া পৰিয়ালে আঁকোৱালি লৈছিল অন্ধবিশ্বাসক। আৰক্ষীৰ গুলীত আহত পৰিয়ালটোৰ মুৰব্বী যাদৱ চহৰীয়াই ফাদিল কৰিলে ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াৰ প্ৰৱঞ্চনাৰ অধ্যায়।

যাদৱ চহৰীয়াই NEWS18ৰ আগত কয় যে ছেপ্টেম্বৰ মাহত তান্ত্ৰিক ৰমেশ চহৰীয়াই তেওঁক মাতি নি কৈছিল যে এটা এনেকুৱা বস্তু আছে যিটোৰ মূল্য কেইবাকোটি টকা। যাদৱ চহৰীয়াৰ পুত্ৰ পুলকেশ চহৰীয়াক চাকৰিৰো টোপ দিছিল ৰমেশে। মাজে মাজে পূজা–অৰ্চনাৰ নামত যাদৱ চহৰীয়াৰ পৰা ৩০–৪০ হাজাৰ টকা সৰকাইছিল তান্ত্ৰিক ৰমেশে। যাদৱৰ পুত্ৰৰ ৰে’ল বিভাগত চাকৰিৰ নিশ্চয়তা দিছিল ৰমেশে।

প্ৰায় এমাহ আগতে যাদৱ চহৰীয়াৰ পুত্ৰ পুলকেশ চহৰীয়া সামান্য অসুখত ভুগিছিল। তেতিয়া তান্ত্ৰিক ৰমেশে কৈছিল যে ইয়াৰ একো বেমাৰ হোৱা নাই, মন্দিৰৰ ‘শক্তি’ লাগিছে। আয়ুৰ্বেদিক ঔষধ খুৱালে ভাল হ’ব। কিন্তু পুলকেশ চহৰীয়া সুস্থ হোৱা নাছিল। তাৰ পিছত পৰিয়ালটোৱে পুত্ৰৰ সুস্থ হোৱাৰ কামনাৰে কামাখ্যা মন্দিৰত ছাগলীও এৰি দিছিল।

এসপ্তাহ পূৰ্বে তান্ত্ৰিক ৰমেশে পৰিয়ালটোক কৈছিল যে আপোনালোকৰ গৃহলক্ষ্মী নাই। চহৰীয়াৰ কন্যাৰ আত্মহত্যাৰ পিছতে ঘৰৰ গৃহলক্ষ্মী কোনো দুষ্ট লোকে নাইকীয়া কৰি দিয়া বুলি কৈছিল ৰমেশে। তাৰ পিছত তান্ত্ৰিক ৰমেশে যাদৱ চহৰীয়াক এটা পাথৰ দিছিল আৰু শৰীৰত পিন্ধিবলৈ কৈছিল। মৃত কন্যাৰ আত্মাৰ মুক্তিৰ বাবে ৫জন লোকক ভাত খুৱাবলৈও পৰামৰ্শ দিছিল তান্ত্ৰিকজনে। তাৰোপৰি ভাগৱতৰ অজামিল উপাখ্যান পাঠ কৰিবলৈও কৈছিল পৰিয়ালটোক।

যাদৱ চহৰীয়াৰ পুত্ৰ পুলকেশ চহৰীয়াক তান্ত্ৰিক ৰমেশে দিছিল এটা গাহৰিৰ দাঁত। সেইটোৰে জপ কৰিলে শক্তি লাভ কৰিব বুলি কৈছিল পুলকেশক। তান্ত্ৰিক ৰমেশ চহৰীয়াই উলংগ হৈ মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ পৰামৰ্শ দিছিল পুলকেশক। সেইদৰে প্ৰাৰ্থনা কৰিলে চহৰীয়া পৰিয়ালৰ কন্যাৰ আত্মহত্যাত জড়িত অভিযুক্তই উলংগ হৈ ৰাজপথত নাচিব বুলি কৈছিল তান্ত্ৰিকজনে।

তান্ত্ৰিকৰ পৰামৰ্শমতেই পুলকেশে আৰম্ভ কৰিছিল তাণ্ডৱলীলা। পিতৃ–মাতৃৰ লগতে পৰিয়ালৰ সকলোকে উলংগ হ’বলৈ কৈছিল। পিতৃ–মাতৃয়ে বিৰোধিতা কৰাত চোকা অস্ত্ৰৰে ভাবুকি দিছিল পুলকেশে। সকলোকে উলংগ হৈ মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ কৈছিল পুলকেশে। তাৰ পিছতে ঘৰৰ সা–সামগ্ৰী লণ্ডভণ্ড কৰিবলৈ আৰম্ভ কৰে উন্মাদ পুলকেশে। ঘৰৰ পৰা ওলাই যাবলৈ দিয়া নাছিল পৰিয়ালৰ লোকক।

ইফালে, শিশুক বলি দিয়াৰ চেষ্টা চলোৱা কথা অস্বীকাৰ কৰে যাদৱ চহৰীয়াই। আনহাতে, এই সমগ্ৰ ঘটনাৰ আঁৰত ৰমেশ চহৰীয়া জড়িত বুলি অভিযোগ কৰিছে যাদৱ চহৰীয়াই।
আৰু চাওক পৰৱৰ্তী বাতৰি