মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Lemon To London : চিৰাঙৰ নেমুৱে দখল কৰিছে লণ্ডনৰ বজাৰ, কাজি নেমুৱে কৃষকলৈ আনিছে আশাৰ বতৰা।

Assam Lemon To London : চিৰাঙৰ নেমুৱে দখল কৰিছে লণ্ডনৰ বজাৰ, কাজি নেমুৱে কৃষকলৈ আনিছে আশাৰ বতৰা।

চিৰাঙৰ পানবাৰীৰ নেমুৰ চাহিদা বৃদ্ধি ৷ চিৰাঙৰ পাণবাৰীৰ পৰা লণ্ডনলৈ ৰপ্তানী ১২০০ কেজি নেমু ৷ 

চিৰাঙৰ পানবাৰীৰ নেমুৰ চাহিদা বৃদ্ধি ৷ চিৰাঙৰ পাণবাৰীৰ পৰা লণ্ডনলৈ ৰপ্তানী ১২০০ কেজি নেমু ৷ 

চিৰাঙৰ পানবাৰীৰ নেমুৰ চাহিদা বৃদ্ধি ৷ চিৰাঙৰ পাণবাৰীৰ পৰা লণ্ডনলৈ ৰপ্তানী ১২০০ কেজি নেমু ৷ 

  • Share this:
কোৰোণা মহামাৰীৰ বাবে অৰ্থনীতি ভাঙি পৰাৰ সময়তে  ৰাজ্যখনৰ কৃষক সমাজলৈ এক আশাৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নেমু (Lemon)খেতিয়ে ৷ চিৰাঙত উৎপাদিত নেমুৱে দখল কৰিছে আন্ত:ৰাষ্ট্ৰীয় বজাৰ ৷ ভাৰত-ভূটান সীমান্তৰ পাণবাৰীত উৎপাদিত নেমু লণ্ডন (London)লৈ ৰপ্তানীৰ খবৰে অঞ্চলবাসী কৃষকলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিছে ৷

ৰাজ্যৰ কৃষি বিভাগ আৰু পাণবাৰী বডোফা এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ প্ৰচেষ্টাত লণ্ডনলৈ নেমুৰ ৰপ্তানী কৰা হয় ৷ যোৱা ৬ জুলাইত বৰঝাৰ বিমান বন্দৰৰ পৰা আকাশ মাৰ্গৰে লণ্ডনলৈ প্ৰথম বাৰৰ বাবে নেমু ৰপ্তানী কৰিবলৈ সক্ষম হৈছে ৷ স্থানীয় বজাৰৰ তুলনাত প্ৰায় দুই গুণ অধিক দৰত এই নেমুসমুহ ৰপ্তানী হোৱাৰ ফলত স্থানীয় কৃষকসকল উৎফুল্লিত হৈ পৰিছে ৷ লণ্ডনৰ বজাৰত এই নেমুৱে সমাদৰ লাভ কৰাৰ ফলত অহা সপ্তাহৰ ভিতৰত অঞ্চলটোৰ পৰা পুনৰ দুই মেট্ৰিকটন নেমু লণ্ডনলৈ প্ৰেৰণ কৰাৰ বাবে সাজু হৈছে ৷

উল্লেখ্য যে উত্তৰাঞ্চলৰ পাণবাৰী অঞ্চলৰ প্ৰায় ১৫০০ কৃষকক লৈ গঠিত পানবাৰী বডোফা এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীয়ে কৃষিজাত সামগ্ৰীৰ উচিত মূল্যৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ কোম্পানীয়ে অঞ্চলবাসী কৃষকক নেমুৰ লগতে হালধি আৰু মালভোগ কলৰ খেতি কৰি উৎপাদিত সামগ্ৰীসমুহে উচিত বজাৰ লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ এনে সময়তে ৰাজ্যৰ কৃষি বিভাগৰ সহযোগত পানবাৰী বডোফা এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীয়ে অঞ্চলটোৰ কৃষকসকলে উৎপাদন কৰা নেমুক আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি প্ৰদান কৰি ৰপ্তানী কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে পাণবাৰী অঞ্চলত বৃহৎ পৰিমাণৰ নেমু উৎপাদন হয় যদিও উপযুক্ত বজাৰ মূল্যৰ অভাৱত প্ৰত্যেক বছৰে কৃষক সকলে হাহাকাৰ কৰিবলগীয়া হয় ৷ কিন্তু শেহতীয়াভাৱে এইসকল কৃষকে প্ৰতি কেজি নেমু ১৬ টকা দৰত লণ্ডনলৈ পঠিয়াবলৈ সক্ষম হোৱাৰ পিছত অঞ্চলবাসীৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ অঞ্চলটোত উৎপাদিত নেমুৱে আন্ত:ৰাষ্ট্ৰীয় বজাৰত সমাদৃত হোৱাৰ ফলত কৃষকসকলে আৰ্থিকভাৱে অধিক লাভান্বিত হোৱাৰ সম্ভাৱনা আছে ৷

শেহতীয়া বাতৰি