এতিয়াৰে পৰা এই জহা চাউল, চকোৱা চাউল আৰু কাজিনেমুৰ সৈতে যোগ হৈ থাকিব অসমৰ পৰিচয়। জহা চাউলৰ পিছত এইবাৰ GI মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছে চকোৱা চাউল আৰু কাজি নেমুৱে। জহা চাউল , চকোৱা চাউল তথা কাজিনেমুৰ আছে এক সুকীয়া বৈশিষ্ট্য। অসমৰ এই সামগ্ৰীসমূহৰ গুণাগুণসমূহ বেলেগৰ সৈতে নিমিলে। GI মৰ্যদা লাভ কৰাৰ পিছত এই সামগ্ৰীসমূহে এক নিৰ্দিষ্ট পৰিচয় লাভ কৰাৰ লগতে ভৱিষ্যতে ই ব্যৱসায়ৰ ক্ষেত্ৰখনত বিশেষ ভাবে সহায়ক হ’ব বুলিও ধাৰণা কৰিব পাৰি।
এই তিনিওবিধ সামগ্ৰীৰ GI মৰ্যদা লাভৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ ‘Intellectual Property Right cell’ৰ বিষয়-ববীয়াসকলে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। এবিধ সামগ্ৰীৰ GI মৰ্যদা লাভ কৰিবলৈ সামগ্ৰী বিধৰ ওপৰত বিস্তৃত গৱেষণা তথা বহু তথ্য-পাতিৰ প্ৰয়োজন হয়। অসম কৃষি বিশ্ববিদ্যালয়ে তিনিবিধ সামগ্ৰীৰ বাবে লাভ কৰা GI মৰ্যদাৰ বাবে প্ৰয়োজনীয় যাৱতীয় কাম-কাজখিনিৰ সৈতে জড়িত হৈ আছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ লগতে শিক্ষা সম্প্ৰসাৰণ বিভাগৰ সঞ্চালক ড: পি কে পাঠক, IPR চেলৰ সমন্বয়ক ড: কিশোৰ কুমাৰ শৰ্মা ,প্লাণ্টা ব্ৰিডিঙ এণ্ড জেনেটিকছ বিভাগৰ অধ্যাপক ড: ৰমেন শৰ্মা, উদ্যান শস্য বিভাগৰ অধ্যাপক ডঃ উৎপল কটকী আৰু IPR Cellৰ সদস্য সচিব সহকাৰী অধ্যাপক গাৰ্গী শৰ্মা।
"কোনো এবিধ সামগ্ৰীৰ বাবে GI মৰ্যদা লাভ কৰাটো এক দীঘলীয়া প্ৰচেষ্টাৰ ফল। ইয়াৰ বাবে প্ৰয়োজন হয় গৱেষণা তথা বহু তথ্যপাতিৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ IPR চেলৰ বিষয়াকেইগৰাকী তথা কেইজনমান লোকৰ অশেষ কষ্টৰ ফলত এই তিনিবিধ সামগ্ৰীৰ GI মৰ্যদা লাভ কৰাটো সম্ভৱ হৈছে। জহা চাউলৰ বাবে আমি ২০১৩ চনত আবেদন কৰি ২০১৭ চনত GI মৰ্যদা লাভ কৰিছিলো। কাজিনেমুৰ বাবে ২০১৮ চনত আবেদন কৰি ২০১৯ৰ ছেপ্তেম্বৰ আৰু চকোৱা চাউলৰ বাবে ২০১৬ চনত আবেদন কৰি ২০২০ৰ মাৰ্চত GI মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছো।", অসম কৃষি বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ড: অশোক ভট্টাচাৰ্যই এনেদৰে কয় ।
ভাৰপ্ৰাপ্ত উপাচাৰ্যগৰাকীয়ে লগতে কয় যে, ‘GI মৰ্যদা লাভ কৰাৰ পিছদিনাৰ পৰাই ইয়াৰ সৈতে জড়িত লোকসকলৰ বহুত কিবা লাভ হ’ব বুলি ভবাটো ভুল। মূল কথাটো হ’ল আমাৰ নিজৰ সামগ্ৰীসমূহ আজি যদি আমাৰ বুলি প্ৰমাণ কৰি থোৱা নহয়, তেন্তে ভৱিষ্যতে সেই সামগ্ৰীসমূহ বেলেগ কোনোবাই নিজৰ বুলি স্বীকৃতি লাভ কৰিলে এক জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব।’
আনহাতে চৰকাৰৰ এটা বিভাগে ইয়াৰ পূৰ্বে অসমৰ কেইবাবিধো গুৰুত্বপূৰ্ণ সামগ্ৰীৰ GI মৰ্যাদাৰ বাবে আবেদন কৰি বিফল হ’বলগীয়া হৈছে। চৰকাৰৰ হস্তশিল্প আৰু বস্ত্ৰ বিভাগৰ উন্নয়ণ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা GI মৰ্যদা লাভৰ বাবে আবেদন জনোৱা গোৱালপৰাৰ শীতল পাটী , সৰ্থেবাৰীৰ কাঁহ শিল্প আৰু কাৰ্বি বস্ত্ৰ শিল্পই GI মৰ্যদা লাভ কৰাৰ পৰা ইতিমধ্যে বঞ্চিত হৈছিল।
অসমৰ বহু সামগ্ৰী সুকীয়া বৈশিষ্ট্যৰে পৰিপূৰ্ণ। অসমৰ কলাখাৰ , মাজুলীৰ মুখাশিল্পকে ধৰি এনে আৰু বহু সামগ্ৰীয়ে GI মৰ্যদা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 27, 2020, 20:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।