অম্বুবাচীৰ পবিত্র ক্ষণত অসমলৈ আহিল কৈলাশ খেৰ । গুৱাহাটীত উপস্থিত হৈয়ে ভাৰত ৰত্ন ভূপেন হাজৰিকাক সোঁৱৰিলে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰে । ভূপেন হাজৰিকাৰ হাৰমনিয়াম ক্ৰয় কৰিছিল বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পীজনে। নিলামত 5 লাখ টকাত সুধাকণ্ঠৰ হাৰমনিয়াম কিনিছিল কৈলাশ খেৰে। গুৱাহাটীত উপস্থিত হৈ ভূপেন হাজৰিকা বিশ্বৰ সম্পদ বুলি অভিহিত কৰে কৈলাশ খেৰ ।
অসমৰ সংগীতক লৈও মন্তব্য কৰে কৈলাশ খেৰে। অসমীয়া সংগীতক ভূয়সী প্ৰশংসা কৰৰাৰ লগতে বিহুক এক ধৰ্ম বুলি কয় কৈলাশ খেৰে।
জুবিনৰ সৈতেও আছে কৈলাশ খেৰৰ পুৰণি সম্পৰ্ক । জুবিনৰ সৈতে একেলগে অনুষ্ঠান পৰিবেশন কৰাৰ কথাও উল্লেখ কৰে কৈলাশ খেৰে। নিজৰ নতুন পৰিকল্পনাৰ কথাও সদৰি কৰে জনপ্ৰিয় শিল্পী গৰাকীয়ে।
Published by: Dulu Medhi
FIRST PUBLISHED : June 21, 2019, 21:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।