বৃহস্পতিবাৰে কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰপানী চাহ বাগানৰ ঔম থানৰ কাষতেই বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকজন বৰপানী থানচালাৰ পুতুল বাউৰী (৬০) বুলি জানিব পৰা গৈছে। ৬০ বছৰীয়া বৃদ্ধ গৰাকীৰ মৃত্যুত অঞ্চলতোত শোকৰ ছাঁঁ পৰিছে।
উল্লেখ্য যে নিশা বনৰীয়া হাতীৰ এটা জাকে খাদ্যৰ সন্ধানত বৰপানী বনাঞ্চলৰ জুৰিপাৰ , দক্ষিণ বৰবাগান , কলনী , থানচালা , পণ্ডিত ঘাট , শিলডুবি , লীলাৰ ঘাট , বৰবিল , মাখনগাও , ৰজাগাও , কাণ্ডাপাৰা , আদি অঞ্চলৰ খেতি পথাৰ নষ্ট কৰে । হাতীৰ জাকটোৱে গছ গছনি নষ্ট কৰাৰ লগতে চাৰিটা পৰিয়ালৰ গৃহ লণ্ডভণ্ড কৰে । পুৱা হাতীৰ জাকটো পাহাৰলৈ ওভতি যোৱাৰ সময়ত ঘৰৰ চোতালত বহি থকা বৃদ্ধ জনক আক্ৰমণ কৰাত বৃদ্ধ জনৰ মৃত্যু হয় । বিগত কিছু দিন ধৰি এই গাঁও সমূহত বনৰীয়া হাতীয়ে উপদ্ৰপ কৰি আহিছে । যাৰ বাবে গাঁও বাসীয়ে প্ৰায়ে উজাগৰী নিশা কটাব লগা হয়। এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰনৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : May 06, 2022, 00:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।