কৰ্তব্যনিষ্ঠা! এদিনো ছুটি নোলোৱাকৈ দৰাক চৰকাৰী বাসভৱনলৈকে মাতি বিয়াত বহিল কাছাৰৰ উপায়ুক্ত কীৰ্তি জ’লী

শিলচৰ উপায়ুক্ত বাসভৱনতে বিবাহৰ অনুষ্টুপীয়া আয়োজন। কোভিড প্ৰট’কল মানি বিয়াত বহিল উপায়ুক্তগৰাকী।
শিলচৰ উপায়ুক্ত বাসভৱনতে বিবাহৰ অনুষ্টুপীয়া আয়োজন। কোভিড প্ৰট’কল মানি বিয়াত বহিল উপায়ুক্তগৰাকী।
- News18 Assam
- Last Updated: September 10, 2020, 5:16 PM IST

বিয়াৰ দিনা নাছিল কোনো বিশেষ অতিথি। কোৰোণাৰ বাবে অতি অনুষ্টুপীয়াকৈ আয়োজন কৰা বিবাহ অনুষ্ঠানত দৰা-কইনাক অভিনন্দন জনাবলৈ আহিল এগৰাকী উপ মহাপৰিদৰ্শক পৰ্যায়ৰ বিষয়া, কেইবাজনো অতিৰিক্ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক।
বৰ্তমান কীৰ্তি জ’লীৰ বিবাহে শিলচৰত যথেষ্ট চৰ্চা লাভ কৰিছে। উপায়ুক্ত হিচাপেও জিলাখনত অত্যন্ত জনপ্ৰিয় কীৰ্তি জ’লী। পৰিয়ালৰ বিশেষ লোক উপস্থিত থাকিব নোৱাৰিলেও বিয়াত জলীৰ ভগ্নী উপস্থিত আছিল। তেওঁৱে আছিল এই বিয়াখনৰ অন্যতম সাক্ষী।