উচ্চতম ন্যায়ালয়ত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে শপত বাক্য পাঠ কৰোৱালে ন্যায়াধীশ হৃষীকেশ ৰয়ক। অসম সন্তান ন্যায়াধীশ ৰয়ক কিছু দিনৰ আগতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত নিযুক্তি দিছিল। ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী অসম সন্তানে শপত বাক্য পাঠ কৰোৱালে আন এগৰাকী অসমীয়াক।
উচ্চতম ন্যায়ালয়লৈ অহাৰ আগতে ন্যায়াধীশ ৰয় কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা তেওঁ অষ্টমজন অসমীয়া। এই সন্মান পোৱা প্ৰথমজন অসমীয়া হৈছে ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামী। তেওঁ ১৯৭৩ চনত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল।
তাৰ পাছত ক্ৰমান্বয়ে ন্যায়াধীশ বি এল হংসাৰিয়া, কে এন শইকীয়া, এছ এন ফুকন, এম কে শৰ্মা, ৰঞ্জন গগৈ আৰু অমিতাভ ৰয় উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল। আটাইকেইজন দেশৰ বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল।
আনহাতে, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদৰ পুত্ৰ ন্যায়াধীশ বদৰ দুৰেজ আহমেদ জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ আছিল আৰু অসমৰ অৰূপ কুমাৰ গোস্বামী ছিকিম উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|