দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব G20 বৈঠক ৷ ২৯খন দেশে অংশগ্ৰহণ কৰিবলগীয়া এই বৈঠকৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ লগতে অসমতো বৃদ্ধি পাইছে উৎসুকতা ৷ কিয়নো ইয়াৰে অসমত অনুষ্ঠিত হ'ব পাঁচখন বৈঠক ৷
পাঁচখন বৈঠকৰ ভিতৰত এখন ডিব্ৰুগড় আৰু বাকী আটাইকেইখন অনুষ্ঠিত হ'ব গুৱাহাটীত ৷ গুৱাহাটীত প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব ২ আৰু ৩ ফেব্ৰুৱাৰীত ৷ অৰ্থাৎ মাজত মাত্ৰ কেইটামান দিন ৷ তেনে অৱস্থাত যথেষ্ট তৎপৰতা বৃদ্ধি পাইছে সমগ্ৰ দেশৰ লগতে অসম চৰকাৰৰ ৷
কিয়নো ২৯ দেশৰ প্ৰতিনিধিৰ মাজত নিজৰ ৰাজ্যখন সুন্দৰকৈ দেখুওৱাৰ থাকিব চেষ্টা ৷ তাৰ বাবে ল'ব লগা সকলো ব্যৱস্থা ইতিমধ্যে সাজু কৰি তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ বিশেষকৈ ৰাজ্য চৰকাৰৰ গড়কাপ্তানী, পৰ্যটন, বাণিজ্য তথা গুৱাহাটী মহানগৰ উন্নয়ন বিভাগক প্ৰদান কৰিছে কিছু ন ন নিৰ্দেশ ৷
সমান্তৰালকৈ গুৱাহাটী পৌৰ নিগমক জাৰি কৰিছে কঠোৰ নিৰ্দেশ, য'ত মহানগৰৰ প্ৰতিটো পথ উপপথ সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে ৷ পথত চূণ তেল সনাকে ধৰি জাবৰ নিষ্কাশন, পুৰণি বেনাৰ হোৰ্ডিং আঁতৰ কৰাৰ ক্ষেত্ৰত কঠোৰ চৰকাৰ ৷ পদপথ তথা মূল পথৰ ব্যৱসায়িক স্থলসমূহ সম্পূৰ্ণকৈ উঠাই দিয়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ পৌৰ নিগমৰ ৷
মহানগৰীৰ নিৰ্মীয়মাণ অট্টালিকাসমূহ যাতে ঢাকি নিৰ্মাণকাৰ্য চলাই তাৰ বাবে আহ্বান নিগমৰ ৷ ইমানে নহয় উৰণীয়া সেতু, ডিভাইদাৰ তথা উৰণীয়া সেতুসমূহ চাফ-চিকুণ, নিষ্কাশনৰ দায়িত্ব গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ ৷ মুঠৰ ওপৰত সকলো ফালৰ পৰা গুৱাহাটীখন সুন্দৰকৈ গঢ়ি তোলাৰ লক্ষ্য এতিয়া ৰাজ্য চৰকাৰৰ ৷ যাতে বাহিৰৰ প্ৰতিনিধিৰ আগত সুন্দৰ মহানগৰ ৰূপে চিনাকি দিব পাৰে ৰাজ্য চৰকাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|