নৱবিবাহিতা বোৱাৰীক জীৱন্তে জ্বলাই দিয়া ৪ নৰপিশাচক আটক

শনিবাৰে নিশা গাঁওখনৰ ওমৰ ফাৰুক নামৰ লোকজনৰ নৱবিবাহিতা পত্নীক ঘৰৰ ভিতৰতে জ্বলাই দিছিল দুৰ্বৃত্তৰ দলে।

News18-Assam
Updated:September 9, 2019, 10:38 AM IST
নৱবিবাহিতা বোৱাৰীক জীৱন্তে জ্বলাই দিয়া ৪ নৰপিশাচক আটক
শনিবাৰে নিশা গাঁওখনৰ ওমৰ ফাৰুক নামৰ লোকজনৰ নৱবিবাহিতা পত্নীক ঘৰৰ ভিতৰতে জ্বলাই দিছিল দুৰ্বৃত্তৰ দলে।
News18-Assam
Updated: September 9, 2019, 10:38 AM IST
জুৰীয়াৰ ধিং গাঁৱত নৱবিবাহিতা বোৱাৰীক জীৱন্তে জ্বলাই দিয়া ঘটনাত জড়িত ৪ নৰপিশাচক আটক। ধৃত জাকিৰ হুছেইন, গুলজাৰ হুছেইন, আব্দুল হক আৰু আছিকুল ইছলাম। নিজ ঘৰতে হাত-ভৰি বান্ধি জ্বলাই দিছিল নৱবিবাহিতা বোৱাৰীগৰাকীক। নগাঁৱৰ জাজৰীৰ গেন্দুৱাৰ পৰা আটক আটাইকে। দেহৰ ৮০ শতাংশ অগ্নিদগ্ধ বোৱাৰীগৰাকী বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে।

শনিবাৰে নিশা গাঁওখনৰ ওমৰ ফাৰুক নামৰ লোকজনৰ নৱবিবাহিতা পত্নীক ঘৰৰ ভিতৰতে জ্বলাই দিছিল দুৰ্বৃত্তৰ দলে। ঘৰত কোনো নথকাৰ সুযোগ লৈ মুখত ক’লা কাপোৰ বান্ধি অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে হাত–ভৰি বান্ধি জ্বলাই দিছিল মহিলাগৰাকীক। উল্লেখযোগ্য যে মাত্ৰ ডেৰমাহৰ পূৰ্বে ওমৰ ফাৰুকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মহিলাগৰাকী। ঘটনাৰ সময়ত বজাৰলৈ বুলি ওলাই গৈছিল মহিলাগৰাকীৰ স্বামী। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জুৰীয়া থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে চাৰি দুৰ্বৃত্তক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি