
সৰুৰে পৰা নাজনীনৰ বাবে আকাশখন প্ৰিয়। কদমনি টাউন হাইস্কুলৰ শিক্ষক আবুল কালাম আজাদ আৰু শিক্ষয়ত্ৰী মঞ্জিলা বেগমৰ কন্যা নাজনীন য়াছমিনে নিজৰ সপোন সাৰ্থক কৰাৰ বাবে সৰুৰে পৰা যথেষ্ট পৰিশ্ৰম কৰিছিল।
সৰুৰে পৰা নাজনীনৰ বাবে আকাশখন প্ৰিয়। কদমনি টাউন হাইস্কুলৰ শিক্ষক আবুল কালাম আজাদ আৰু শিক্ষয়ত্ৰী মঞ্জিলা বেগমৰ কন্যা নাজনীন য়াছমিনে নিজৰ সপোন সাৰ্থক কৰাৰ বাবে সৰুৰে পৰা যথেষ্ট পৰিশ্ৰম কৰিছিল।
সৰুতে টিভিত ভাৰতৰ মহিলা মহাকাশচাৰী কল্পনা চাওলাক দেখিলেই আনন্দত উত্ৰাৱল হৈ পৰিছিল ছোৱালীজনী। চিঞৰি চিঞৰি মাকক কৈছিল "মা মই কল্পনা চাওলাৰ দৰে হ'ম।" নগাঁও জিলাৰ অতি পিচপৰা গাঁও হিচাপে পৰিচিত জুৰীয়াৰ (Juria) মাহেৰীপাৰৰ পৰা ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ (ISRO) সন্মানীয় বিজ্ঞানী পদত নিযুক্তি লাভ কৰা এই ছোৱালীজনীয়ে হৈছে নাজনীন য়াছমিন (Nazneen Yasmin)।
বুঢ়ালুইতৰ পাৰৰ গাঁওখনৰ ওপৰৰে যেতিয়া প্ৰচণ্ড শব্দৰে তেজপুৰ বায়ুসেনা ছাউনীৰ পৰা ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান উৰা মাৰে তেতিয়াও নাজনীনে দৌৰি বাহিৰলৈ ওলাই আহে। সৰুৰে পৰা নাজনীনৰ বাবে আকাশখন প্ৰিয়। কদমনি টাউন হাইস্কুলৰ শিক্ষক আবুল কালাম আজাদ আৰু শিক্ষয়ত্ৰী মঞ্জিলা বেগমৰ কন্যা নাজনীন য়াছমিনে নিজৰ সপোন সাৰ্থক কৰাৰ বাবে সৰুৰে পৰা যথেষ্ট পৰিশ্ৰম কৰিছিল।
প্ৰথমে B. Tech আৰু তাৰ পিছত M.Tech পাঠ্যক্ৰমত সুখ্যাতিৰে উৰ্ত্তীণ হোৱাৰ পিছত নাজনীনে বহুবছৰ ইছৰোলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছিল। অৱশেষত যোৱা ১২ অক্টোবৰত নাজনীনৰ সপোন সাৰ্থক হ'ল। অহা ২৭ ডিচেম্বৰত ইছৰোৰ মুখ্য কাৰ্যালয়ত বিজ্ঞানী হিচাপে যোগদান কৰিব নাজনীনে। সকলোৰে আশা মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত নাজনীনে অসমৰ নাম উজলোৱাৰ লগতে ভৱিষ্যতে দেশৰ এগৰাকী প্ৰখ্যাত বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|