ঢেকীয়াজুলিত ছুটী বিচৰাৰ বাবেই SDOই ঘুচিয়াই ভাঙিলে কনিষ্ঠ অভিযন্তাৰ মুখ

ভুক্তভোগী কনিষ্ঠ অভিযন্তা কুশল নাথে ঢেকীয়াজুলি আৰক্ষী থানাত SDO হেমন্ত ৰাজখোৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷
ভুক্তভোগী কনিষ্ঠ অভিযন্তা কুশল নাথে ঢেকীয়াজুলি আৰক্ষী থানাত SDO হেমন্ত ৰাজখোৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷
- News18 Assam
- Last Updated: December 17, 2020, 5:02 PM IST
ঘটনা অনুসৰি, বিগত ৮ বছৰে বিদ্যুৎ বিভাগত কৰ্মৰত ঠেলামৰাৰ কুশল নাথক শেহতীয়াকৈ ঢেকীয়াজুলি বিদ্যুৎ উপ–সংমণ্ডলৰ পৰা বদলি কৰা হৈছে। হৃদযন্ত্রৰ ৰোগত আক্ৰান্ত কুশল নাথে চিকিৎসাৰ বাবে SDOক বিচাৰিছিল দুদিনৰ ছুটী। কিন্তু SDO হেমন্ত ৰাজখোৱাই ছুটী অগ্ৰাহ্য কৰি গীতাঞ্জলি শইকীয়া নামৰ এগৰাকী বিষয়াক দায়িত্ব দিয়াৰ বাবে কুশল নাথক দায়িত্ব এৰি গুচি যাবৰ বাবেহে জোৰ কৰি গালি–গালাজ দিয়াৰ অভিযোগ উঠিছে।
বিষয়াগৰাকীয়ে ইয়াতে ক্ষান্ত নাথাকি আনকি কুশলৰ ম'বাইল কাঢ়ি নি APDCLৰ OTP ব্যৱহাৰ কৰি কুশলে দায়িত্ব সামৰি আন এগৰাকীক দায়িত্ব দিয়াৰ কথা হেমন্ত ৰাজখোৱাই নিজেই মেইলযোগে প্ৰেৰণ কৰে।
কুশল নাথৰ পত্নীৰ অভিযোগ, হেমন্ত ৰাজখোৱাই এছডিঅ’ হিচাপে দায়িত্বভাৰ লোৱাৰে পৰা বিভিন্ন ধৰণৰ মানসিক হাৰাশাস্তি কৰি আহিছে কনিষ্ঠ অভিযন্তা কুশল নাথক। ইতিমধ্যে ঘটনা সন্দৰ্ভত ঢেকীয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে কুশল নাথে।
ইফালে SDO হেমন্ত ৰাজখোৱাৰ বিৰুদ্ধে বিভাগীয়ভাৱেও ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায় কুশলৰ পত্নীয়ে। এনেকৈয়ে এগৰাকী দায়িত্বশীল বিষয়াই নিজৰেই সতীৰ্থ আন এগৰাকী বিষয়াক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ বিষয়টোৱে ঢেকীয়াজুলিৰ সচেতন মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ইপিনে, ভুক্তভোগী কনিষ্ঠ অভিযন্তা কুশল নাথে ঢেকীয়াজুলি আৰক্ষী থানাত ঢেকীয়াজুলি বিদ্যুৎ উপ–সংমণ্ডল SDO হেমন্ত ৰাজখোৱাৰ বিৰুদ্ধে শাৰীৰিকভাৱে প্ৰহাৰ কৰি আহত কৰা বুলি এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে৷