
আজি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰালৈ প্ৰেৰণ কৰা হয় অভিযন্তাগৰাকীক।
আজি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰালৈ প্ৰেৰণ কৰা হয় অভিযন্তাগৰাকীক।
ডিব্ৰুগড়ত কনিষ্ঠ অভিযন্তাক গ্ৰেপ্তাৰ। ডিব্ৰুগড় পৌৰসভাৰ সহকাৰী অভিযন্তা পৰমানন্দ গগৈক গ্ৰেপ্তাৰ। পৌৰসভাৰ বজাৰ আৰু মাটি আবণ্টনৰ কেলেংকাৰীত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অভিযন্তাগৰাকীক। ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হয় অভিযন্তাজন। দীৰ্ঘদিনধৰি পৌৰসভাৰ বিভিন্ন কাম–কাজত অনিয়ম সংঘটিত কৰা অভিযোগ উত্থাপন হৈ আহিছিল গগৈৰ বিৰুদ্ধে। শনিবাৰে নিশাৰ ভাগত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই আজি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰালৈ প্ৰেৰণ কৰা হয় অভিযন্তাগৰাকীক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|