যোৰহাটত এইবাৰ বিদ্যালয় পৰিদৰ্শকৰ চহী জাল কৰি শিক্ষকৰ পেঞ্চনৰ কাম কৰিলে কৰ্মচাৰীয়ে

News18 Assam | News18-Assam
Updated:December 8, 2020, 7:23 PM IST
যোৰহাটত এইবাৰ বিদ্যালয় পৰিদৰ্শকৰ চহী জাল কৰি শিক্ষকৰ পেঞ্চনৰ কাম কৰিলে কৰ্মচাৰীয়ে
প্ৰতীকী ফটো

যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ চহী জাল কৰিলে এখন বিদ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে।

  • Share this:
যোৰহাটৰ উপায়ুক্তৰ চহী জাল কৰি এগৰাকী কৰ্মচাৰীয়ে বেংকৰ পৰা চৰকাৰী পুঁজিৰ লাখ লাখ টকা উলিয়াই নিয়াৰ পিছত এইবাৰ আন এজন কৰ্মচাৰীয়ে জাল কৰিলে যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ চহী। এই ঘটনাই শেহতীয়াকৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শিক্ষক-কৰ্মচাৰীৰ পেঞ্চনৰ নামত চলি অহা এক ভয়ানক কেলেংকাৰীৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।

কিছুদিন পূৰ্বে যোৰহাটৰ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে উপায়ুক্তৰ চহী জাল কৰি বেংকৰ পৰা বৃহৎ পৰিমাণৰ চৰকাৰী পুঁজিৰ ধন উলিয়াই নিবলৈ সক্ষম হৈছিল। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতে গ্ৰেপ্তাৰ হৈছিল যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ উক্ত কৰ্মচাৰীজন।

যোৰহাটত এইবাৰ উচ্চপদস্থ চৰকাৰী বিষয়াৰ চহী জাল কৰি চৰকাৰী কাম কৰি অহাৰ আন এক ঘটনা পোহৰলৈ আহিছে। যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ চহী জাল কৰিলে এখন বিদ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে। যোৰহাটৰ গীতাৰ্থী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কনিষ্ঠ সহায়ক উৎপল মুদৈয়ে যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ শুভলক্ষ্মী ৰাজকুমাৰীৰ চহী জাল কৰি কেইবাজনো শিক্ষক-কৰ্মচাৰীৰ পেঞ্চনৰ যাৱতীয় কাম কৰিবলৈ আগবাঢ়িছিল। পেঞ্চন সঞ্চালকালয়লৈ প্ৰেৰণ কৰা পেঞ্চন সংক্ৰান্তীয় নথিত চহী জাল কৰিছিল কনিষ্ঠ সহায়ক উৎপল মুদৈয়ে। কিন্তু দুগৰাকী কৰ্মচাৰীৰ পেঞ্চন সংক্ৰান্তীয় নথিত বিসংগতি থকাত সেয়া পুনৰ যোৰহাটৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়লৈ ওভতাই পঠোৱাত এই জালিয়াতিৰ তথ্য পোহৰলৈ আহে।

" আমাৰ কাৰ্যালয়লৈ পেঞ্চন সঞ্চালকালয়ৰ পৰা পঠোৱা কেইখনমান চৰকাৰী নথিত মোৰ চহীটো দেখি সন্দেহ হয়। ইয়াৰ পিছতে অনুসন্ধান কৰি পিছত এক তদন্ত আৰম্ভ কৰো। আৰু তেতিয়া পোহৰলৈ আহে যে পেঞ্চন সংক্ৰান্তীয় কামত প্ৰেৰণ কৰা উক্ত চহীটো জাল আৰু ইয়াৰ সৈতে জড়িত হৈ আছে উৎপল মুদৈ নামৰ কনিষ্ঠ সহায়কগৰাকী। ইয়াৰ পূৰ্বেও তেওঁ এনে কাম কৰি অহাৰ সন্দেহ হৈছে।", যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ শুভলক্ষ্মী ৰাজকুমাৰীয়ে এনেদৰে কয়।

দীৰ্ঘদিন ধৰি এই কৰ্মচাৰীগৰাকীয়ে এনে কৌশলেৰে জালিয়াতি কৰি অহাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে বিভাগীয় তদন্ত পিছত এই জালিয়াতি সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে। অধিক তথ্য পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ পিছত।
Published by: Sanjay Kumar Das
First published: December 8, 2020, 7:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি