আনহাতে বিগত সময়ত তিৱা ৰজাসকলক বছৰি ৬০ হাজাৰ টকাৰ ভাট্টা দি অহাৰ বিপৰীতে এই বৰ্ষৰ পৰা তেঁওলোকক বছৰি ১ লাখকৈ ৰাজভাট্টা দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আনহাতে বিগত সময়ত তিৱা ৰজাসকলক বছৰি ৬০ হাজাৰ টকাৰ ভাট্টা দি অহাৰ বিপৰীতে এই বৰ্ষৰ পৰা তেঁওলোকক বছৰি ১ লাখকৈ ৰাজভাট্টা দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
জলসম্পদ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই শুকুৰবাৰে মৰিগাঁও জিলাৰ ঐতিহাসিক জোনবিল মেলাত উপস্থিত থাকি গোভা ৰজা দীপচিং দেওৰজা সহিতে ১৮ গৰাকী সন্মানীয় তিৱা ৰজাক সম্বৰ্ধনা জনোৱাৰ লগতে মাননীয় মুখ্যমন্ত্ৰীৰ হৈ এক লাখ টকাকৈ ৰাজভাট্টাৰ চেক বিতৰণ কৰে।
লগতে মন্ত্ৰীগৰাকীয়ে ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অতিথি আৰু সংগ্ৰহালয় গৃহৰ উন্মোচন কৰে। ৰাজ্য চৰকাৰৰ কোভিড বিধি মানি অনুষ্টুপীয়াকৈ আয়োজিত জোনবিল মেলাত অংশ লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, 'জোনবিল মেলা হৈছে আমাৰ তিৱা সম্প্ৰদায়ৰ গৌৰৱ আৰু আমাৰ সংস্কৃতিৰ এক অন্যতম অনুষ্ঠান।'
জোনবিল মেলাৰ বিনিময় প্ৰথাৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, 'অসমৰ ঐতিহ্য আৰু সংস্কৃতিক কেতিয়াও উপেক্ষা কৰিব নোৱাৰো।' ৰজা জোঙাল বলহুৰ শৌৰ্য-বীৰ্যৰ কথা সোৱঁৰি মন্ত্ৰীগৰাকীয়ে কয় যে,' এই শৌৰ্য বীৰ্যৰ ধাৰাবাহিকতা আজিও তিৱাসকলে ৰক্ষা কৰি আহিবলৈ সক্ষম হৈছে।' আনহাতে বিগত সময়ত তিৱা ৰজাসকলক বছৰি ৬০ হাজাৰ টকাৰ ভাট্টা দি অহাৰ বিপৰীতে এই বৰ্ষৰ পৰা তেঁওলোকক বছৰি ১ লাখকৈ ৰাজভাট্টা দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|