মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Juice For Eyes : দৃষ্টি শক্তি দুৰ্বল নেকি? এই ৩বিধ ঘৰুৱা ৰস খাওক আৰু দৃষ্টি শক্তি বৃদ্ধি কৰক

Juice For Eyes : দৃষ্টি শক্তি দুৰ্বল নেকি? এই ৩বিধ ঘৰুৱা ৰস খাওক আৰু দৃষ্টি শক্তি বৃদ্ধি কৰক

News18 Assam | News18-Assam
Updated:March 19, 2021, 5:40 PM IST
Juice For Eyes : দৃষ্টি শক্তি দুৰ্বল নেকি? এই ৩বিধ ঘৰুৱা ৰস খাওক আৰু দৃষ্টি শক্তি বৃদ্ধি কৰক
এই ৩ প্ৰকাৰৰ ঘৰুৱা ৰস কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই ভাল নহয়, ই আপোনাৰ দৃষ্টিশক্তিও বৃদ্ধি কৰিব।

এই ৩ প্ৰকাৰৰ ঘৰুৱা ৰস কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই ভাল নহয়, ই আপোনাৰ দৃষ্টিশক্তিও বৃদ্ধি কৰিব।

  • Share this:
দুৰ্বল জীৱনশৈলী, অস্বাস্থ্যকৰ আহাৰ আৰু স্ক্ৰীণৰ সন্মুখত নিৰন্তৰ বহি কাম কৰাৰ বাবেই সম্প্ৰতি আমাৰ চকুযুৰি দুৰ্বল হ’বলৈ লৈছে। তেনেস্থলত চকুৰ শক্তি বৃদ্ধি কৰিবলৈ আমি চশমা ব্যৱহাৰ কৰিবলগীয়া হৈছে। কিন্তু যদিহে আপুনি চশমা পিন্ধিব নিবিচাৰে আৰু দৃষ্টিশক্তি বজাই ৰাখিব বিচাৰে, তেন্তে কিছুমান ঘৰুৱা প্ৰতিকাৰে আপোনাক সহায় কৰিব পাৰে। আপুনি আপোনাৰ আহাৰত কিছুমান ঘৰুৱা ৰস অন্তৰ্ভুক্ত কৰি চকু দুৰ্বল হোৱাৰ পৰা উপশম পাব পাৰে। দৰাচলতে এই ৩ প্ৰকাৰৰ ঘৰুৱা ৰস কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই ভাল নহয়, ই আপোনাৰ দৃষ্টিশক্তিও বৃদ্ধি কৰিব। সেয়েহে প্ৰথমে জানি লওক এই ৰসবোৰ বিষয়ে।

গাজৰৰ ৰস -

চকুৰ দৃষ্টিৰ বাবে ভিটামিন এৰ অতি প্ৰয়োজনীয় উপাদান। গাজৰত যথেষ্ট পৰিমাণে ভিটামিন এ থাকে, যি চকুৰ ৰেটিনাৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। আপুনি গাজৰৰ ৰসত বিলাহী মিহলি কৰিও খাব পাৰে। পুৱাৰ আহাৰত আপুনি এই ৰসবিধ খাব পাৰে। এই ৰস খালে লাহে লাহে চকুৰে অস্পষ্ট দেখাৰ সমস্যা হ্ৰাস হ'ব।

পালেং শাকৰ ৰস -
যদি আপুনি দৃষ্টি শক্তি বৃদ্ধি কৰিব বিচাৰে, তেন্তে সেউজীয়া শাকে আপোনাক সহায় কৰিব পাৰে। সেউজীয়া শাক-পাচলি স্বাস্থ্যৰ বাবে অতি উপকাৰী, বিশেষকৈ পালেং শাক। পালেং শাকৰ ভাজি স্বাস্থ্যৰ বাবে যিমান স্বাস্থ্যকৰ, পালেং শাকৰ ৰসো সিমানেই স্বাস্থ্যকৰ। যদি আপুনি প্ৰতিদিনে এগিলাচ পালেং শাকৰ ৰস খায়, ই আপোনাৰ দৃষ্টিশক্তি লাহে লাহে বৃদ্ধি কৰাত সহায় কৰিব। পালেং শাকত ভিটামিন এৰ উপৰিও ভিটামিন চি, ভিটামিন কে, মেগনেছিয়াম, মেংগানিজ আৰু আইৰন পৰ্যাপ্ত পৰিমাণে থাকে।

আমলখিৰ ৰস -
আমলখিৰ ৰসে দৃষ্টি শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে, যিয়ে দৃষ্টি শক্তি বৃদ্ধি কৰিবলৈ কাম কৰে। অৱশ্যে, আপুনি দৃষ্টি শক্তি বৃদ্ধি কৰিবলৈ আপুনি যিকোনো ধৰণেৰে আমলখি ব্যৱহাৰ কৰিব পাৰে। সেয়া কেঁচা আমলা হওক বা ৰস হিচাপে হওক।
Published by: Sanjay Kumar Das
First published: March 19, 2021, 3:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি