• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘গভীৰ সংকটত ন্যায়পালিকা’, যৌন নিৰ্যাতনৰ অভিযোগৰ পিছতে CJI ৰঞ্জন গগৈৰ মন্তব্য

‘গভীৰ সংকটত ন্যায়পালিকা’, যৌন নিৰ্যাতনৰ অভিযোগৰ পিছতে CJI ৰঞ্জন গগৈৰ মন্তব্য

‘২০ বছৰে নিষ্ঠাৰে কাম কৰাৰ পিছত মোৰ কাৰণে আত্মসন্মানতকৈ ডাঙৰ বিষয় একোৱে নাই’ – ৰঞ্জন গগৈ। চাৰিটৈ অনলাইন পৰ্টেলত ওলোৱা বাতৰিক লৈ প্ৰতিক্ৰিয়া ৰঞ্জন গগৈৰ।

‘২০ বছৰে নিষ্ঠাৰে কাম কৰাৰ পিছত মোৰ কাৰণে আত্মসন্মানতকৈ ডাঙৰ বিষয় একোৱে নাই’ – ৰঞ্জন গগৈ। চাৰিটৈ অনলাইন পৰ্টেলত ওলোৱা বাতৰিক লৈ প্ৰতিক্ৰিয়া ৰঞ্জন গগৈৰ।

‘২০ বছৰে নিষ্ঠাৰে কাম কৰাৰ পিছত মোৰ কাৰণে আত্মসন্মানতকৈ ডাঙৰ বিষয় একোৱে নাই’ – ৰঞ্জন গগৈ। চাৰিটৈ অনলাইন পৰ্টেলত ওলোৱা বাতৰিক লৈ প্ৰতিক্ৰিয়া ৰঞ্জন গগৈৰ।

  • Share this:
    দেশৰ মুখ্য ন্যায়াধীশ তথা অসম সন্তান ৰঞ্জন গগৈৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়ে দাখিল কৰা যৌন নিৰ্যাতনৰ এক অভিযোগক লৈ একাংশ সংবাদ মাধ্যমত ব্যাপক চৰ্চা অব্যাহত আছে। চাৰিটা অনলাইন পৰ্টেলত ওলোৱা খবৰ অনুসৰি, CJI ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছে এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়ে। এই অভিযোগ সন্দৰ্ভত স্বয়ং মুখ্য ন্যায়াধীশগৰাকীৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠৰ শুনানিৰ পিছত ৰঞ্জন গগৈয়ে কয় – ন্যায়পালিকা এতিয়া গভীৰ সংকটত। তিনিজনীয়া বিচাৰপীঠে গোচৰটোক লৈ কোনো নিৰ্দেশনা জাৰি কৰা নাই যদিও মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত তেওঁ নহয়, অন্য জ্যেষ্ঠ ন্যায়াধীশেহে কৰিছে।

    ন্যায়পালিকা এতিয়া গভীৰ সংকটত, ভাল মানুহ কেতিয়াও ন্যায়াধীশ হ’ব নোৱাৰে যদি এইদৰে তেওঁলোক লক্ষ্য হৈ পৰে। মোৰ বাবে সন্মানতকৈ মূল্যবান একো নাই। আৰু মই সৰ্বোচ্চ আসনৰ পৰা এই কথা ক’বলৈ এই বিচাৰপীঠ গঠন কৰিবলগীয়া হৈছে


    মন্তব্য মুখ্য ন্যায়াধীশগৰাকীৰ।

    ইয়াৰ আঁৰত এক বৃহৎ শক্তি আছে যিয়ে মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ক নিষ্ক্ৰিয় কৰিব বিচাৰিছে বুলিও মন্তব্য মুখ্য ন্যায়াধীশগৰাকীৰ।

    ৰঞ্জন গগৈয়ে লগতে উল্লেখ কৰে যে টকাৰ প্ৰলোভনেৰে তেওঁক বলে নোৱাৰি এতিয়া মানুহে এই বাট বিচাৰি উলিয়াইছে। প্ৰাক্তন কৰ্মচাৰীগৰাকীয়ে ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ এখন এফিডেভিটযোগে উচ্চতম ন্যায়ালয়ৰ ২২জন ন্যায়াধীশলৈ প্ৰেৰণ কৰিছে।

    এই অভিযোগৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু সঞ্জীৱ খান্নাই কয় –
    যদি ন্যায়াধীশসকলক এনেদৰে আক্ৰমণ চলাই থকা হয়, তেন্তে ন্যায়ালয়ে কেতিয়াও সূচাৰুৰূপে কাম কৰিব নোৱাৰিব।
    এই প্ৰসংগত ৰঞ্জন গগৈয়ে উল্লেখ কৰে,
    ন্যায়াধীশ হিচাপে ২০ বছৰীয়া নিঃস্বাৰ্থ সেৱাৰ অন্তত আজি মোৰ বেংকত জমা টকা মাত্ৰ ৬ লাখ ৮০ হাজাৰ। মোৰ পিয়নজনৰ মোতকৈ সম্পত্তি আৰু টকা বেছি।


    NEWS18ৰ হাতত মহিলাগৰাকীৰ অভিযোগনামা :

    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি