একাংশ আৰক্ষীৰ বিৰুদ্ধে ন্যায়িক তদন্তঃ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদে?

News18 Assam | News18-Assam
Updated:June 12, 2021, 11:23 AM IST
একাংশ আৰক্ষীৰ বিৰুদ্ধে ন্যায়িক তদন্তঃ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদে?
" মুখ্যমন্ত্ৰীগৰাকীয়ে জাষ্টিফাইড কথা কৈছে । মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰোবাৰ নিৰ্দিষ্ট অভিযোগ থাকিলে সেয়া দিবলৈ কৈছে।'

" মুখ্যমন্ত্ৰীগৰাকীয়ে জাষ্টিফাইড কথা কৈছে । মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰোবাৰ নিৰ্দিষ্ট অভিযোগ থাকিলে সেয়া দিবলৈ কৈছে।'

  • Share this:
অসম আৰক্ষীৰ একাংশ বিষয়াৰ ওপৰত ন্যায়িক তদন্ত দাবী কৰিছিল সাংসদ কামাখ্যা প্ৰসাদ তাছাই। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে, দুৰ্নীতি ৰাজনৈতিক নেতাইয়ো কৰে , আৰক্ষী বিষয়াইয়ো কৰে। কিন্তু এই সন্দৰ্ভত নিৰ্দিষ্ট অভিযোগ লাভ কৰিলেহে নিৰ্দিষ্ট পদ্ধতিৰে তদন্ত কৰিব পৰা যায়।  আনকি কাৰোবাৰ অভিযোগ থাকিলে সেয়া লিখিত ৰূপত দিয়াৰ লগতে তদন্তৰ বাবে নিজৰ জৱানবন্দী লিপিবদ্ধ কৰিবলৈ সকলোকে আহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে পুনৰ নিজৰ মত ব্যক্ত কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

অসমত নতুন চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰতে ড্ৰাগছকে মুখ্য কৰি বিভিন্ন অপৰাধজনিত কাম-কাজ ৰোধ কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে অসম আৰক্ষীয়ে। কিন্তু ইয়াৰ পূৰ্বে আৰক্ষীৰ এই তৎপৰতা কিয় দেখিবলৈ পোৱা নগৈছিল সেই প্ৰশ্ন উত্থাপন কৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাই অসম আৰক্ষীৰ একাংশ বিষয়াৰ ওপৰত ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল । মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছত পুনৰ প্ৰতিক্ৰিয়া বিচৰা হৈছিল সাংসদগৰাকীৰ পৰা। সাংসদ তাছাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য যুক্তিসঙ্গত বুলি মত ব্যক্ত কৰি কয় যে, মুখ্যমন্ত্ৰীৰ ওচৰত কোনো আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যক্তিগতভাৱে মোৰ অভিযোগ দিবলগীয়া নাই। তেওঁ এই আহ্বান জনাইছিল অসম আৰক্ষীৰ দায়বদ্ধতাৰ ওপৰত প্ৰশ্ন কৰিহে।

" মুখ্যমন্ত্ৰীগৰাকীয়ে জাষ্টিফাইড কথা কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰোবাৰ নিৰ্দিষ্ট অভিযোগ থাকিলে সেয়া দিবলৈ কৈছে। মোৰ কোনো নিৰ্দিষ্ট অভিযোগ নাই। মই আৰক্ষীৰ দায়িত্ববোধক লৈহে প্ৰশ্ন উৎথাপন কৰিছিলো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰক্ষীৰ সংস্কাৰৰ বাবে যি ব্যৱস্থা হাতত লৈছে তাৰ বাবে মই পুনৰ তেখেতক ধন্যবাদ জনাইছো। ", ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এনেদৰে কয় ।

সাংসদ তাছাই শেহতীয়াকৈ অসম আৰক্ষীত ব্যাপক সংস্কাৰৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে। সাংসদগৰাকীৰ মতে নৱ প্ৰজন্মই প্ৰথমবাৰৰ বাবে দেখিবলৈ পাইছে আৰক্ষীত ব্যাপক সংস্কাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপৰ দৃশ্য।
Published by: Himangshu Bhuyan
First published: June 12, 2021, 11:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি