মুখ্যপৃষ্ঠা »খবৰ »অসম »DRDO, 2-DG : আপুনি জানেনে, DRDOৰ 2-DG দৰৱ উদ্ভাৱনৰ আঁৰত আছে এগৰাকী অসমীয়া মহিলা? নাম তেওঁৰ জুবিলী।

DRDO, 2-DG : আপুনি জানেনে, DRDOৰ 2-DG দৰৱ উদ্ভাৱনৰ আঁৰত আছে এগৰাকী অসমীয়া মহিলা? নাম তেওঁৰ জুবিলী।

কোৰোণাৰ ঔষধ 2-DG প্ৰস্তুত কৰা DRDOৰ গবেষণা সংস্থা INMASৰ এটি দলৰ বিজ্ঞানী অসমৰ জুবিলী পুৰকায়স্থ | কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ অতি ভিতৰুৱা মহিষাসন গাঁৱত ঘৰ জুবিলীৰ।

  • Share this:
কোভিড-১৯ (Covid 19) মহামাৰীৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰৱল আশাৰ সঞ্চাৰ কৰা DRDOৰ শেহতীয়া উদ্ভাৱন 2-DG নামৰ দৰৱবিধ প্ৰস্তুতৰ আঁৰত এগৰাকী অসমীয়া মহিলাৰো যথেষ্ট অৱদান আছে। অসম সন্তান এই গৰাকী বিজ্ঞানীৰ নাম জুবিলী পুৰকায়স্থ ।

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মহিষাসন নামৰ এখন প্ৰত্যন্ত গাঁৱৰ ডঃ জুবিলী পুৰকায়স্থ সমগ্ৰ অসমবাসীকেই গৰ্বিত কৰি তুলিছে।

DRDO (Defence Research And Development Organisation)ৰ গবেষণা সংস্থা INMAS (Institute Of Nuclear Medicine And Allied Sciences)ৰ এটি দলৰ লগত মিলি প্ৰস্তুত কৰিলে কোৰোণাৰ ঔষধ 2-DG |

১৯৭৯ চনত কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ মহিষাসন গাঁৱৰ সুদৰ্শন পুৰকায়স্থ আৰু বিনয় কুমাৰী পুৰকায়স্থৰ ঘৰত জন্ম হৈছিল জুবিলী পুৰকায়স্থৰ। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান জুবিলীয়ে গাঁৱৰ ৪৪ নং মহিষাসন প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পাতু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ হৈছিল।

পাছত কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি জুবিলী পুৰকায়স্থ ভৰ্তি হৈছিল যোৰহাটৰ Regional Research Laboratory(RRL) বৰ্তমানৰ North East Institute of Science And Technology (NEIST)ত। তাৰ পৰা PHD ডিগ্ৰী লাভ কৰি তেজপুৰত DRDOৰ Defence Research Laboratoryত এগৰাকী বিজ্ঞানী হিচাপে কৰ্মৰত থাকি ২০১৪ চনত তেওঁ দিল্লীলৈ উৰা মাৰিছিল ।

এই দীঘলীয়া যাত্ৰা মসৃণ নাছিল জুবিলীৰ বাবে । পিতৃক হেৰুৱাই বৰ্তমানে মাতৃ বিনয় কুমাৰী পুৰকায়স্থৰ সৈতে দিল্লীত বসবাস কৰে জুবিলী পুৰকায়স্থই ।

শেহতীয়া বাতৰি