মুখ্যপৃষ্ঠা »খবৰ »অসম »JP Nadda to Visit Assam : কলিয়াবৰ, বৰপেটা আৰু নগাঁও দখলৰ অংক, অসমলৈ আহিব বিজেপি নেতা জে পি নাড্ডা

JP Nadda to Visit Assam : কলিয়াবৰ, বৰপেটা আৰু নগাঁও দখলৰ অংক, অসমলৈ আহিব বিজেপি নেতা জে পি নাড্ডা

Lok Sabha Pravas : কংগ্ৰেছত সভাপতি বনাম বিৰোধী দলপতি কেন্দ্ৰিক সংঘাত চলাৰ সময়তে বিজেপিৰ লক্ষ্য মাথোঁ সংগঠনৰ শক্তি বৃদ্ধি

Lok Sabha Pravas : কংগ্ৰেছত সভাপতি বনাম বিৰোধী দলপতি কেন্দ্ৰিক সংঘাত চলাৰ সময়তে বিজেপিৰ লক্ষ্য মাথোঁ সংগঠনৰ শক্তি বৃদ্ধি

Lok Sabha Pravas : কংগ্ৰেছত সভাপতি বনাম বিৰোধী দলপতি কেন্দ্ৰিক সংঘাত চলাৰ সময়তে বিজেপিৰ লক্ষ্য মাথোঁ সংগঠনৰ শক্তি বৃদ্ধি

  • Share this:

সাংগঠনিক ৰণনীতিত বিজেপিয়ে সদায়ে সুকীয়া পৰিচয় দি আহিছে। দলটোৰ সুকীয়া নিৰ্বাচনী ষ্টাইলো৷ নিজ দলৰ মাজতে যি সময়ত কংগ্ৰেছৰ চলিছে খোৱা-কামোৰা সেই সময়ত পঞ্চায়ত, লোকসভা, মিত্ৰদলৰ ষ্ট্ৰেটেজী প্ৰস্তুতত ব্যস্ত শাসকীয় বিজেপি (BJP) ৷


কলিয়াবৰ, বৰপেটা, নগাঁৱত প্ৰৱাসৰ বাবে আহি আছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা৷ অসম প্ৰদেশ কংগ্ৰেছত যি সময়ত সভাপতি বনাম বিৰোধী দলপতি কেন্দ্ৰিক সংঘাত চলিছে, সেই সময়ত বিজেপিৰ লক্ষ্য মাথোঁ সংগঠনৰ শক্তি বৃদ্ধিৰে নিৰ্বাচনী জয় ৷


মাৰ্চৰ শেষৰ ফালে ব'হাগ বিহুৰ প্ৰাকক্ষণত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (JP Nadda to visit Assam)৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰৱাস কৰি যোৱা কলিয়াবৰ,নগাঁও,বৰপেটা লোকসভাত প্ৰৱাস কৰিব সভাপতি নাড্ডাই ৷ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ,আব্দুল খালেকক ৰণত পেলাবলৈ এই তিনি সমষ্টিত কি কি কৰিব জে পি নাড্ডাই ক'লে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই, "আমাৰ এই তিনিটা সমষ্টিত এবাৰ লোকসভা প্ৰৱাস (Lok Sabha Pravas) হৈ গৈছে ৷ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে তিনিওটা সমষ্টিতে প্ৰৱাস কৰি গৈছে ৷ মই নিজেও তিনিওটা সমষ্টিলৈ বিভিন্ন সময়ত গৈছোঁ৷ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও অহাৰ কথা৷ বৰ্তমানৰ সভাপতি জে পি নাড্ডা (JP Nadda) আহিব হোলীৰ পিছত আৰু বিহুৰ ঠিক আগত৷


মাৰ্চৰ শেষৰ ফালে আহি এই সমষ্টি তিনিটাত প্ৰৱাস কৰি বিশেষ ব্যক্তি, বিশেষ অনুষ্ঠান, মুক্তি যুঁজাৰুৰ ওচৰলৈ যাব ৷ দ্বিতীয়তে,  লোকসভা সমষ্টি তিনিটাত যদি শ্বহীদৰ পৰিয়াল থাকে, সেই পৰিয়ালৰ কাষো চাপিব৷ লগতে সমষ্টিৰ অন্তৰ্গত আমাৰ দলীয় জিলা সভাপতি,মৰ্চাৰ সভাপতি আদিকে ধৰি কাৰ্যকৰ্তাৰ সৈতে বিশাল ৰেলী কিছুমানত ভাগ ল'ব জে পি নাড্ডাই ৷"


উল্লেখ্য যে এই তিনিটা সমষ্টি কংগ্ৰেছৰ দখলত আছে ৷ নগাঁৱত ২০১৯ত প্ৰদ্যুৎ বৰদলৈৰ হাতত পৰাজিত হৈছিল বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা৷ তাৰ আগলৈকে নগাঁও সমষ্টিটোত চাৰিবাৰকৈ জয়ী হৈছিল বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই৷ আনহাতে কলিয়াবৰত বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত আৰু বৰপেটাত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস পৰাজিত হৈছিল ক্ৰমে গৌৰৱ গগৈ আৰু আব্দুল খালেকৰ হাতত ৷ এইবাৰ এই তিনিওটা সমষ্টি দখলৰ লক্ষ্যৰে আগবাঢ়িছে বিজেপি৷ তৎপৰতাৰে আগবঢ়াইছে গেৰুৱা দলটোৱে এই তিনিওটা সমষ্টিতে সাংগঠনিক কাম-কাজ ৷

শেহতীয়া বাতৰি