মুখ্যপৃষ্ঠা »খবৰ »অসম »J. P. Nadda : ''গোপীনাথ বৰদলৈ আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী দুয়োৰে অৱদানৰ বাবে অসম ভাৰতৰ অভিন্ন অংগ হৈ আছে।''– জে পি নাড্ডা

J. P. Nadda : ''গোপীনাথ বৰদলৈ আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী দুয়োৰে অৱদানৰ বাবে অসম ভাৰতৰ অভিন্ন অংগ হৈ আছে।''– জে পি নাড্ডা

''কংগ্ৰেছ দল আজিৰ তাৰিখত ৰাষ্ট্ৰীয় দলো নহয়,আঞ্চলিক দলো নহয়। কংগ্ৰেছ এতিয়া পৰিয়ালৰ দল''

''কংগ্ৰেছ দল আজিৰ তাৰিখত ৰাষ্ট্ৰীয় দলো নহয়,আঞ্চলিক দলো নহয়। কংগ্ৰেছ এতিয়া পৰিয়ালৰ দল''

''কংগ্ৰেছ দল আজিৰ তাৰিখত ৰাষ্ট্ৰীয় দলো নহয়,আঞ্চলিক দলো নহয়। কংগ্ৰেছ এতিয়া পৰিয়ালৰ দল''

  • Share this:
ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই আজি বিয়লি প্ৰায় ৪ বজাত গুৱাহাটীত উপস্থিত হয়। অসমলৈ আহি বিজেপি নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শক্তিপীঠ কামাখ্যা দেৱালয় দৰ্শন কৰাৰ লগতে বিজেপিৰ উত্তৰ-পূবৰ কাৰ্যালয় "পদ্ম ভৱন"ৰ শুভাৰম্ভণি কৰে আৰু মাছখোৱাৰ আই টি এত দলীয় কাৰ্যকৰ্তাৰ সৈতে এখন বিশেষ সভাত উপস্থিত থাকে। এই সভাত উত্তৰ-পূবৰ ৪খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৭খন ৰাজ্যৰ সভাপতি, ৩জন কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি সাংসদ, মন্ত্ৰী–বিধায়কসকল উপস্থিত থাকে।

"পদ্ম ভৱন"ৰ শুভাৰম্ভণি কৰি নাড্ডাই কয়– ''উত্তৰ-পূব বিজেপিৰ স্থায়ী ঠিকনা হৈ পৰিছে।
কংগ্ৰেছৰ দিনত উত্তৰ-পূবৰ ইখন সিখন ৰাজ্যৰ মাজত সংঘাত হৈছিল। এতিয়া বিজেপিৰ দিনত সকলোৱে মিলিজুলি থাকিব পৰা পৰিৱেশ হৈছে। উত্তৰ-পূবৰ বিজেপিৰ কাৰ্যালয়টো কেৱল কাৰ্যালয় নহয়, এয়া এক মন্দিৰ। কাৰ্যালয়টো কিমান ডাঙৰ বা সৰু সেইটো ডাঙৰ কথা নহয়, এয়া এক আৱেগ। সেয়ে সকলো নেতাই উজানবজাৰলৈ আহে।''

নাড্ডাই লগতে ৮ অক্টোবৰত বিজেপিৰ অসম প্ৰদেশৰ কাৰ্যালয় উদ্বোধন হ'ব বুলি জানিবলৈ দি এই অনুষ্ঠানত তেওঁৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব বুলি প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে লগতে কয়– 'গোপীনাথ বৰদলৈ আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী দুয়োৰে অৱদানৰ বাবে অসম ভাৰতৰ অভিন্ন অংগ হৈ আছে।''

বিজেপিৰ মণ্ডল পৰ্যায়লৈকে স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ অসমত সকলো জিলাতে একোটাকৈ দলীয় কাৰ্যালয় নিৰ্মাণ আৰু এখনকৈ গাড়ী প্ৰদানৰ কথা ঘোষণা কৰে। আনহাতে কামাখ্যা মন্দিৰত উপস্থিত হোৱাৰ কথা প্ৰকাশ কৰি নাড্ডাই কয় যে তেওঁ কামাখ্যাৰ পুণ্যভূমিত উপস্থিত হৈ দলক শক্তিশালী আশীৰ্বাদ বিচাৰিছে। বিগত নিৰ্বাচনসমূহত বিজেপিয়ে অভিলেখ হাৰত লাভ কৰা ব্যাপক সফলতাৰ বাবে সকলোকে আন্তৰিক অভিনন্দন জনাই নাড্ডাই উল্লেখ কৰে– ''আমি কেতিয়াও ভবা নাছিলো উত্তৰ-পূবত বিজেপিৰ চৰকাৰ হ'ব বুলি। এতিয়া কেৱল চৰকাৰ বনোৱাই নহয়,বাৰে বাৰে চৰকাৰ বনাইছে বিজেপিয়ে।''

তেওঁ লগতে ''ভাৰতীয় জাতীয় কংগ্ৰেছ আটাইতকৈ পুৰণি দল আছিল, কিন্তু আজি সেই দলটো সংকুচিত হৈ গ'ল, দেশৰ বিভিন্ন ৰাজ্যৰ পৰা কংগ্ৰেছ আজি উৎখাত হৈ গৈ আছে, কংগ্ৰেছ দল আজিৰ তাৰিখত ৰাষ্ট্ৰীয় দলো নহয়,আঞ্চলিক দলো নহয়। কংগ্ৰেছ এতিয়া পৰিয়ালৰ দল'' বুলি প্ৰকাশ কৰে। আনহাতে, অসম-মেঘালয়ৰ সীমা সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে, অসম-অৰুণাচলৰ সীমা সমস্যা আজি সমাধানৰ পথত বুলিও নাড্ডাই প্ৰকাশ কৰে।

শেহতীয়া বাতৰি