এই সংখ্যাই হ'ব নেকি ‘বিস্ময়’ৰ শেষ সংখ্যা? 

News18 Assam | News18-Assam
Updated:June 4, 2020, 8:09 PM IST
এই সংখ্যাই হ'ব নেকি ‘বিস্ময়’ৰ শেষ সংখ্যা? 
কোনেও নিবিচাৰিব সোণালী জয়ন্তী গৰকা আপোন বিস্ময়ৰ মৃত্যু হওক!

কোনেও নিবিচাৰিব সোণালী জয়ন্তী গৰকা আপোন বিস্ময়ৰ মৃত্যু হওক!

  • Share this:
বিস্ময়ৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৬৯চনত৷ বহু ঘাত–প্ৰতিঘাতৰ মাজেৰে পাঠকৰ হৃদয় জয় কৰিছিল বিস্ময়ে৷ পাঁচটা দশক ধৰি ভিন্ন স্বাদৰ সাহিত্যৰ ৰস দিয়া বিস্ময়ক লৈ এতিয়া আশংকিত পাঠক৷ কিয়নো ১৯৭২চনৰ পৰা নিজাববীয়াকৈ প্ৰকাশ কৰি থকা বিস্ময়ৰ প্ৰকাশক তথা সম্পাদক শশী ফুকনে লিখিছে – "এই সংখ্যাই হ'ব পাৰে বিস্ময়ৰ শেষ সংখ্যা!" লগে লগে বিস্ময়ৰ পাঠকৰ মাজত লাগিল হাহাকাৰ৷ হাহাকাৰ কৰি উঠিল চেণ্টুদাৰ সৃষ্টিকাৰী লেখক বৈদ্যুৰ্য বৰুৱাও৷

"যোৱাকালি গম পালো যে বিস্ময়খন যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে। হয়তো এই জুন সংখ্যাটোৱেই শেষ সংখ্যা, বিস্ময়ক জীয়াই তুলিবলৈ এতিয়া ৰক্তৰ প্ৰয়োজন। বিস্ময়ক হেৰুৱালে নিজৰ পৰিয়ালৰ এজনক হেৰুওৱাৰ দৰে লাগিব। এই মুহূৰ্তত মই টেবুলত বহি চেন্টুদা-অপু-জগুৰ "কাল-মহাকাল" ধাৰাবাহিক উপন্যাসখনৰ একেবাৰে শেষ খণ্ডটো লিখি আছো। মনতো আকৌ হতাশাৰে ছানি ধৰিছে। হয়তো চেন্টুদা-অপু-জগুৰো এইখনেই মোৰো শেষ উপন্যাস হ'ব। ক'ত লিখিম মই। তথাপিও মাজে মাজে আশাৰ ৰেঙণি এটা দেখোঁ।’’ – ক’লে বৈদুৰ্য বৰুৱাই।



বিস্ময়ৰ এসময়ৰ পুৰণি আৰু এতিয়াৰ নতুন পঢ়ুৱৈ–শুভাকাংক্ষীসকলে বিস্ময় কৰ্তৃপক্ষৰ সৈতে একগোট হৈ যদি "বিস্ময়"ক ৰক্তদান কৰিবলৈ আগবাঢ়ি আহে তেনেহ'লে হয়তো বিস্ময় আকৌ নতুন ৰূপত জী উঠিব। আশা কৰিছো অসমৰ এক অসমীয়া জাতীয় আবেগ থকা পুৰণি অনুষ্ঠানস্বৰূপ "বিস্ময়"ৰ পুনৰ জীৱনৰ বাবে বিস্ময় কৰ্তৃপক্ষই আগবঢ়োৱা তলৰ ই-মেইল আৰু মোবাইল নম্বৰত আপোনাৰ বহুমূলীয়া দিহা-পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলোঁ।"– মন্তব্য বৈদুৰ্য বৰুৱাৰ।

কোনেও নিবিচাৰিব সোণালী জয়ন্তী গৰকা আপোন বিস্ময়ৰ মৃত্যু হওক! নাই বিচৰা শশী ফুকনেও ৷ "বিস্ময় মৰিলে মই মৰা যেন লাগিব৷ বিস্ময়ৰ লগতে পাঁচটা দশক পাৰ কৰিলোঁ৷ প্ৰকাশ বন্ধ কৰিব মই বিচৰা নাই৷ বিজ্ঞাপন যদি নাহে কেনেকৈ প্ৰকাশ কৰিম?  কা  আন্দোলন, লকডাউন আদিৰ বাবে পাঠকৰ কাষ চাপিব পৰা নাই আলোচনীখন৷ বিস্ময়ৰে জড়িত পৰিয়ালবোৰতো চলিব লাগিব! সহৃদয় পাঠকে যদি সহায়ৰ হাত আগবঢ়াই বিস্ময় প্ৰকাশ হৈ থাকিব ৷"– এইদৰে ক’লে শশী ফুকনে।
First published: June 4, 2020, 5:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading