• Home
  • »
  • News
  • »
  • assam
  • »
  • আলফা(স্বাধীন)ক ক্ষমা খুজিলে দুয়োজন সাংবাদিকে, কুইপ'ৰ দুয়োজন অপহৃত বিষয়াক মুকলি কৰি দিবলৈ জনালে অনুৰোধ

আলফা(স্বাধীন)ক ক্ষমা খুজিলে দুয়োজন সাংবাদিকে, কুইপ'ৰ দুয়োজন অপহৃত বিষয়াক মুকলি কৰি দিবলৈ জনালে অনুৰোধ

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমক উদ্দেশ্যি মন্তব্য কৰাৰ পিছতে সংগঠনটোৱে সাংবাদিক দুজনে ক্ষমা নোখোজা পৰ্যন্ত বিষয়া দুজনক এৰি নহ'ব বুলি জনাইছিল।

  • Share this:
অৱশেষত ক্ষমা খুজিলে ৰাজ্যৰ এটা ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰ দুয়োগৰাকী সাংবাদিকে। লগতে আলফাক অনুৰোধ জনালে দুয়োগৰাকী অপহৃত বিষয়াক মুকলি কৰি দিবলৈ।উল্লেখ্য যে, আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমক উদ্দেশ্যি মন্তব্য কৰাৰ পিছতে সংগঠনটোৱে সাংবাদিক দুজনে ক্ষমা নোখোজা পৰ্যন্ত বিষয়া দুজনক অনিৰ্দিষ্টকাললৈ মুকলি কৰি দিয়া নহয় বুলি পত্ৰৰ জৰিয়তে জনাইছিল। আৰু তাৰ পিছতে ৰাজ্যজুৰি বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল।

উল্লেখ্য যে, আজি আলফাই মুকলি কৰি দিয়াৰ কথা আছিল কুইপৰ দুয়োগৰাকী অপহৃত বিষয়াক।  আনকি আজিৰ দিনটোতে মধ্যস্থতাকাৰী কৌশিক ফুকন অপহৃত বিষয়া প্ৰণৱ গগৈৰ বাসগৃহত উপস্থিত হৈ দুই এদিনৰ ভিতৰত আলফাই দুয়োগৰাকী অপহৃত বিষয়াকে মুকলি কৰি দিব বুলি জানিবলৈ দিছিল।
Published by:Himangshu Bhuyan
First published: