“মই ভূপেনদাক প্ৰথমবাৰৰ কাৰণে ইষ্ট বাৰ্লিনত লগ পাইছিলো, বছৰটো ১৯৭২ নতুবা ১৯৭৩ হ’ব। মই তেতিয়া ‘পেট্ৰিয়ত’ নামৰ কাকতখনত কাম কৰো। এডিটৰে মোক ইষ্ট জাৰ্মানীত চলি থকা বিশ্ব যুৱ মহোৎসৱৰ বাতৰি যুগুত কৰিবলৈ পঠিয়ালে” – News18ৰে আন এক বিষয়ত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অকস্মাত বৰ্ষীয়ান সাংবাদিক এছ কে পাণ্ডেই কয় এই কথা।
পাণ্ডে হিন্দু গ্ৰুপৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু বৰ্তমান Delhi Union of Journalistৰ সভাপতি। দিল্লীৰ শংকৰ মাৰ্কেটৰ DUJৰ কাৰ্যালয়ত লোৱা হৈছিল এই সাক্ষাৎকাৰ। পূৰ্বে নিৰ্ধাৰিত বিষয়ৰ বাৰ্তালাপৰ অন্ত পেলাই এইবাৰ আৰম্ভ কৰা হ’ল ভূপেন হাজৰিকাৰ ইষ্ট বাৰ্লিন যাত্ৰাৰ কাহিনী।
আমি শুনিছিলোঁ তাত ভূপেনদাই পাবল’ নেৰুদাৰে মঞ্চ শ্বেয়াৰ কৰিছিল, আপুনি সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল নেকি? News18ৰ প্ৰশ্ন।
News18ৰ সাংবাদিকৰ ভূপেনদাৰ এই আন্তঃৰাষ্ট্ৰীয় খ্যাতিৰ প্ৰতি তাৎক্ষণিক আগ্ৰহৰ গোন্ধ পাই পাণ্ডেই ক’বলৈ আৰম্ভ কৰিলে – “ মন কৰিব, এই মহোৎসৱত কমিউনিষ্ট আৰু non aligned দেশসমূহৰ প্ৰতিনিধিসমূহে অংশগ্ৰহণ কৰিছিল। এয়া বাৰ্লিন প্ৰাচীৰৰ পতনৰ পূৰ্বৰ কাহিনী। কিউবা, চিলী, ভিয়েটনাম, ৰাছিয়া, অষ্ট্ৰিয়া, হাংগেৰী, ভাৰতবৰ্ষৰ আদি দেশৰ লোক সকল তাত সমবেত হৈছিল। একত্ৰিত হোৱা যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলে একেমুখে নব্য ঔপনিবেশিকতাৰ বিৰুদ্ধে মাত মাতিছিল। মোৰ মনত আছে ভিয়েটনামীসকলে মাৰ্কিন সৈন্যৰে যুঁজ দিয়া জীয়া কাহিনী সবিস্তাৰে বৰ্ণনা কৰিছিল। বিখ্যাত ভাৰতীয় নাট্যকাৰ হাবিব তনবীৰো উপস্থিত হৈছিলগৈ।“
বৰ্ষীয়ান সাংবাদিকজন মূল বিষয়ৰ পৰা কিছু ফালৰি কাটি অহা যেন পাই News18ৰ সাংবাদিক গৰাকীয়ে পুনৰ সুধিলে – ভূপেনদা আৰু নেৰুদাৰ বিষয়ে কওক।
পাণ্ডেই পুনৰ আৰম্ভ কৰিলে – “নেৰুদা বিমানবন্দৰৰ পৰা ঘূৰি যাবলগীয়া হ’ল। চিলিত এলেণ্ডা চৰকাৰ কিছু সংকটৰ সন্মুখীন হোৱাত তেওঁ মহোৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰিলে। আৰু মহোৎসৱৰ মাজতে DRG State Councilৰ চেয়াৰমেন পল উলব্ৰিটচৰ মৃত্যু হৈছিল যি কথা অতি গোপনে ৰখা হৈছিল।“
এটা বিৰতিৰ পাছত পাণ্ডেই পুনৰ আৰম্ভ কৰিলে – “ইষ্ট জাৰ্মানীত মই প্রিয়ক পালো। প্রিয় মানে কংগ্ৰেছে নেতা প্ৰয়াত প্রিয় ৰঞ্জন দাসমুন্সী। তেওঁ কলে – ভূপেনদা আহিছে নহয়; আপুনি লগ পালেনে নাই? পিছত মই ভূপেনদাক বিচাৰি-বিচাৰি দেখো মঞ্চত গোটেই পলিত ব্যূৰ’ৰ সন্মুখত তেওঁ গীত পৰিবেশন কৰিবলৈ যো–জা চলাইছে। মই দেখো তেওঁক পল ৰবচনৰ ‘Ol’ man river' গানটো গাবলৈ অনুৰোধ কৰা হৈছে। তেতিয়া ভূপেনদাই ক’লে মই ভাৰতীয় ভাষাত গানটো গাম – পিছ মুহূৰ্তত তেওঁ আৰম্ভ কৰিলে – 'বিস্তীৰ্ণ পাৰৰে'। মই 'পেট্ৰিয়টত' এই সকলোখিনি সবিস্তাৰ লিখিছো।’’
তেতিয়ালৈ শংকৰ মাৰ্কেটত পশ্চিমৰ বেলি মাৰ গৈছিল। ৪০বছৰৰ আগতে প্ৰকাশ কৰা এটা বাতৰিয়ে News18ৰ সাংবাদিকক এনে এক স্বৰ্গীয় অনুভূতি প্ৰদান কৰিব বুলি কল্পনা কৰিব পৰা নাছিল বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে।
Wikipediaত উপলব্ধ তথ্য অনুসৰি, ভূপেন হাজৰিকাই ১৯৭২ চনত ইষ্ট বাৰ্লিনত অনুষ্ঠিত হোৱা Festival of Political Songত অংশগ্ৰহণ কৰিছিল। একে চনতে World Conference of Composerত ভূপেন হাজৰিকাই ভাৰতক প্রতিনিধিত্ব কৰি ‘জয় জয় নৱজাত বাংলাদেশ’ গানটো গাইছিল বুলিও জনা যায়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 08, 2020, 23:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।